Teacher Protest In Boko:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনাই প্ৰাথমিক শিক্ষকৰ ৰাজ্যজুৰি প্ৰতিবাদ

বকো শিক্ষাখণ্ডৰ শিক্ষকেও ঘূৰাই দিলে শিক্ষাসেঁতুৰ টেবলেট

boko teacher protest

Teacher Protest In Boko:

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সিদ্ধান্ত মৰ্মে  আজি ৰাজ্য আন আন ঠাইৰ লগতে কামৰূপ জিলাৰ বকো খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীয়েও প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ স্থায়ী পদ সৃষ্টি কৰি উক্ত প্ৰধান শিক্ষকৰ পদত শিক্ষক নিয়োগৰ দাবীত হাতে হাতে শিক্ষাসেঁতু আঁচনিৰ চৰকাৰী টেবলেট লৈ মৌন প্ৰতিবাদী প্ৰতিবাদ সাব্যস্ত কৰে ৷

ADVERTISEMENT

উল্লেখ্য যে, বকো খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত বকো খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন  বিদ্যালয় সমূহৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলে পুৱা ১২ বজাৰ পৰা বিয়লি ২ বজালৈকে বকোস্থিত শিক্ষাখণ্ডৰ কাৰ্যালয় প্ৰাংগণত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ হাতত শিক্ষা সেঁতুৰ টেবলেট সমূহ ওভতাই দিয়ে ৷

উল্লেখ্য যে,বকো শিক্ষাখণ্ডৰ অধীনস্থ ২৫৪ খন বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে চৰকাৰে প্ৰদান কৰা টেবলেট ঘুৰাই দিয়া বুলি বকো খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰসন্ন কুমাৰ বড়ো আৰু ভাৰপ্ৰাপ্ত সম্পাদক সৰ্বেশ্বৰ ৰাভাই জানিবলৈ দিয়ে ৷

লগতে চৰকাৰে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰা পৰ্যন্ত কোনো নতুন দ্বায়িত্ব শিক্ষক সন্মিলনীয়ে গ্ৰহণ নকৰে বুলি সাংবাদিকৰ আগত স্পষ্ট কৰি দিয়ে শিক্ষক নেতাদ্বয়ে ৷

Exit mobile version