Ajgar Ali Surrendered In Lakhimpur Police Station: আনন্দ মিশ্ৰৰএকছন,অপৰাধীৰ কঁপনি লখিমপুৰ থানাত অপৰাধী ভীৰ

ভয়ত আত্মসমৰ্পণ নকল সোণ সৰবৰাহৰ মাষ্টাৰমাইণ্ড আজগৰ আলীৰ

lakhimpur

Ajgar Ali Surrendered In Lakhimpur Police Station:

দক্ষ আৰক্ষী বিষয়া আনন্দ মিশ্ৰই উত্তৰ লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰূপে দায়িত্বভাৰ লোৱাৰ পাছতে একছনত নামি পৰে মিশ্ৰ ৷ ইয়াৰ পাছতে এক প্ৰকাৰ অপৰাধীৰ ভেটিত কপঁনি উঠে ৷

লখিমপুৰ থানাত দুদিন ধৰি ভীৰ বাঢ়িছে অপৰাধীৰ ৷ আনকি বহু চৰ্চিত নকল সোনৰ মাষ্টাৰ মাইণ্ড আজগৰ আলীয় আজি সদৰ থানাত আত্মসমৰ্পণ

উল্লেখ্য যে,নকল সোণৰ নাও প্ৰস্তুত কৰি থকা এক ভিডিঅ ব্যাপক ভাইৰেল হোৱা আৰু এছ পি আনন্দ মিশ্ৰৰ লখিমপুৰত দায়িত্ব লোৱাৰ ভয়ত কম্পমান হৈ পৰে আজগৰ সহ আন অপৰাধী সকল ৷

মনকৰিবলগীয়া যে, এইজন দুৰ্ধৰ্ষ আজগৰ আলীকেই আটক কৰি নিছিল জোনমণি ৰাভাই। তাৰ পাছতই আজগৰৰ মাতৃয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰ ৰজু কৰিছিল ৷

ইতিমধ্যে আনন্দ মিশ্ৰৰ আতংকত কম্পিত ১০ অপৰাধী সহ আজগৰ আলীয়ে আত্মসমৰ্পণ কৰিছে লখিমপুৰ থানাত ৷ আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত। ইপিনে, ৫ জন নকল সোণ সৰবৰাহকাৰী ক্ৰমে চৰিয়ত আলী, ছৰিফুল ইছলাম, মফিদুল ইছলাম,বাহিজুল ইছলাম আৰু সুৰজ আলীয়ে আত্মসমৰ্পণ কৰিছে নাওবৈচা আৰক্ষী চকীত৷ তাৰ পাছতে সোঁত বৈছে আন অপৰাধীৰ৷

আনহাতে নকল সোনৰ মাষ্টাৰ মাইণ্ড আজগৰ আলীয়ে থানাত আত্মসমৰ্পণ কৰিবলৈ আহি সাংবাদিকক কয় যে,ছাৰে সকলো অপৰাধীকে ছাৰেন্দাৰ কৰিব কৈছেোবাবে ভয়তে আত্মসমৰ্পণ কৰিব আহিছে। শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ থকা ভিডিঅ তিনি বছৰৰ পূৰ্বৰ ৷

Exit mobile version