Home Minister Amit Shah:খানাপাৰাত ৰাজ্য চৰকাৰৰ উদ্যোগত বিশাল নিযুক্তি সমাৰোহ

নিযুক্তি পত্ৰ বিতৰণ কৰি নিৰ্বাচনী ৰণশিঙা গৃহমন্ত্ৰী অমিত শ্বাহৰ, ১৫ জনৰ হাতত তুলি দিলে নিযুক্তি পত্ৰ

appointment

Home Minister Amit Shah:

মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত বিশাল নিযুক্তি সমাৰোহত উপস্থিত থাকি নিযুক্তি পত্ৰ বিতৰণ কৰি নিৰ্বাচনী ৰণশিঙা বজালে গৃহমন্ত্ৰী অমিত শ্বাহে

একে সময়তে একেখন পথাৰত অভিলেখ সংখ্যক ৪৪,৭০৩ টা বিভিন্ন চৰকাৰী বিভাগৰ পদত নিযুক্তিপত্ৰ বিতৰণৰ বাবে আজি বিয়লি মহানগৰীৰ খানাপাৰাত আয়োজিত সমাবেশত মুখ্য অতিথি ৰূপে অংশ লৈ গৃহমন্ত্ৰী গৰাকীয়ে উদাত্ত কন্ঠৰে কয়, ৰাজ্যৰ বিজেপি চৰকাৰে বিধান সভা নিৰ্বচনৰ পূৰ্বে একলাখ নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল আজি সেইয়া যেন পুৰণ কৰিলে ৷মাত্ৰ আৰু এখোজ দিলেই একলাখ নিযুক্তি সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰে ৷

মন্ত্ৰী গৰাকীয়ে আৰু কয়,পূৰ্বৰ চৰকাৰে নিজৰ মানুহক চাকৰি দিয়াৰ ব্যৱস্থা কৰিছিল। কিন্তু বিজেপি চৰকাৰে দুখীয়াক মেধাৰ ভিত্তিত নিযুক্তি দিছে।’ আনহাতে অশান্ত অসমক বিকশিত কৰাৰ কাম প্রথমে সর্বানন্দ সোণোৱাল আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই নিৰন্তৰভাৱে কৰি আছে ৷ ভাষণত অমিত শ্বাহে বিজেপিৰ ৰাজ্যিক চৰকাৰ খনৰ বিভিন্ন উন্নয়ণ আঁচনিৰ শলাগ লয় ৷

আনহাতে সভাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বিগত দুটা বছৰত অসমত পৰিৱৰ্তনৰ বতাহ বলিছে৷ ভাৰতৰ ৫ ৰাজ্যৰ ভিতৰত অসমক শ্ৰেষ্ঠ কৰাৰ দায়িত্ব ল’ব লাগিব বুলি প্ৰকাশ কৰে ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয়,যিসকলে চাকৰি পালে অৰুণোদয় আঁচনি এৰিব লাগিব, যাতে দুখীয়াসকলে সুবিধা লাভ কৰে৷বিজেপি চৰকাৰ থাকে মানে চৰকাৰী চাকৰি দিয়ে থাকিম। আমি থমকি নৰওঁ বুলি উল্লেখ কৰে ৷

সভাত ১৫ গৰাকী নিযুক্তি  প্ৰাৰ্থীৰ হাতত নিযুক্তি পত্ৰ তুলি দিয়ে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ সভাত কেন্দ্ৰীয় পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ কেবিনেট মন্ত্ৰী সকল, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, বিটিআৰৰ চি ই এম প্ৰমোদ বড়ো,কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ চি ই এম তুলিৰাম ৰংহাং সহ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে ৷

উল্লেখ্য যে, খানাপাৰাত ৰাজ্য চৰকাৰৰ বিশাল নিযুক্তি সমাৰোহ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নিযুক্তি পত্ৰ বিতৰণ সমাৰোহত সৰ্বমুঠ ৪৪,৭০৩ পদৰ প্ৰদান কৰা হয় নিযুক্তি পত্র। সেই অনুসৰি ৩য় বৰ্গৰ ১১,০৪৮ গৰাকী, ৪ৰ্থ বৰ্গত ১৩,৭৩৯ গৰাকী, অসম আৰক্ষীত ১২,০৭৯ গৰাকী, স্বাস্থ্য বিভাগত ৫,২৮১ গৰাকী, আৰক্ষীৰ শ্বহীদ পৰিয়ালৰ ২৩১ গৰাকী, এল পি এমইৰ ৪,৪৩৭ গৰাকী,পৰিবহণ বিভাগত এম ভি আই ২২২ গৰাকী, আৰু সামাজিক ন্যায় বিভাগত ৩৬৩ গৰাকীক নিযুক্তি পত্ৰ দিয়া হয়।

সভাত ১৫ জনৰ হাতত আনুষ্ঠানিকভাবে নিযুক্তি পত্ৰ গৃহমন্ত্ৰী গৰাকীয়ে দিয়াৰ বিপৰীতে আন সকলে আজি সন্ধিয়া বিশেষ এপৰ জৰিয়তে ডাউনলোড কৰি সংগ্ৰহ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে সভাতে সদৰি কৰে ৷

Exit mobile version