Aap Meet Humen Right Commission Member:খাৰঘূলিৰ জল বিস্ফোৰণ ঘটনাৰ তদন্ত বিচাৰি অসম মানৱ অধিকাৰ আয়োগৰ কাষ চাপিল

aap ghy 2

Aap Meet Humen Right Commission Member:

মহানগৰীৰ খাৰঘূলিত সংঘটিত হোৱা জল বিস্ফোৰণত এগৰাকী মহিলা নিহত আৰু কেবাগৰাকীও লোক আহত হোৱাৰ ঘটনাৰ বাবে জগৰীয়া চৰকাৰী পক্ষৰ বিৰুদ্ধে তদন্ত কৰি ব্যবস্থা গ্রহন কৰিবলৈ আজি আম আদমি পার্টি, অসমে অসম মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল কৰে।

এটা বিবৃতিত আপ অসমৰ উপ সভাপতি জিতুল ডেকাই কয় যে খাৰঘূলিৰ পানী যোগান আঁচনিৰ পাইপ ফাটি সংঘটিত হোৱা জল প্রলয়ৰ বাবে জগৰীয়া সংশ্লিষ্ট বিষয়া, অভিযন্তা, বিভাগৰ বিৰুদ্ধে তদন্ত কৰি আইনী ব্যবস্থা গ্ৰহণ কৰিব লাগে। এই ঘটনাৰ বাবে GMDA, জল বৰ্ড, কামৰূপ মহানগৰ জিলা প্রশাসন, গুৱাহাটী উন্নয়ন বিভাগৰ গাফিলতি থকা বুলি অভিযোগ উঠিছে। গতিকে বিভাগ কেইটাকো তদন্তৰ আওতালৈ আনিব লাগে।

ঘটনাটোত হতাহত সকলক উদ্ধাৰ আৰু সাহায্য প্রদানত বিলম্ব হোৱা পৰিলক্ষিত হয়৷ । বিশেষকৈ গুৱাহাটীৰ মাজ মজিয়াত সংঘটিত এনে ভয়ংকৰ ঘটনাৰ পিছতো তাৎক্ষণিক ভাবে SDRF নাইবা ASDMA বিষয়ববীয়া কৰ্মচাৰী উপস্থিত হোৱা নাছিল। তাৰোপৰি নিশা ১০ বজাতহে ঘটনা স্থলীত উপস্থিত হৈছিল উপাযুক্ত আৰু বিভাগীয় মন্ত্রী অশোক সিংহল।

গুৱাহাটীত অনুষ্ঠিত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ কাৰ্যসূচীত সকলো মন্ত্রী বিধায়ক উপস্থিত আছিল কিন্তু তৎক্ষণিক ভাবে ঘটনাস্থলীত গৈ খবৰ লবলৈ কাৰো সময় নহল। এই কথাই প্ৰমাণ কৰে যে বিজেপিৰ মন্ত্ৰী বিধায়ক সকল ৰাইজৰ কাৰণে দায়বদ্ধ নহয়।

আয়োগক সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ লগতে নিহত গৰাকীৰ আত্মীয়ক উপযুক্ত ক্ষতিপুৰণ দিবলৈ আৰু আহত সকলক এককালীন সাহার্য প্রদান তথা ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক পর্যাপ্ত ক্ষতিপুৰন দিয়াৰ বাবে চৰকাৰক নিৰ্দেশ দিবলৈ মানৱাধিকাৰ আয়োগক অনুৰোধ জনায়।

Exit mobile version