Bagibeel Bridge :বগীবিল দলঙত অঘটন !

দলঙৰ ওপৰত গাড়ী ৰখাই ব্ৰহ্মপুত্ৰত জাঁপ যুৱকৰ

WhatsApp Image 2023 05 26 at 5.12.08 7777777777777777777777777777777777777777777777777777777777777

Bagibeel Bridge :

সদাব্যস্ত বগীবিল দলঙত শুক্ৰবাৰে সংঘটিত হয় এক অঘটন ৷ ভৰা লুইতত হঠাতে এজন যুৱকে জাঁপ দিয়ে ।
এই ঘটনাৰ পাছতে হুৱাদুৱা লাগে দলংৰ ওপৰত ৷

আৰক্ষী উপস্থিত হৈ নৈৰ বুকুত জাপ দিয়া যুৱকজন ডিগবৈৰ অনিকৃত দত্ত গুপ্তা বুলি চিনাক্ত কৰে।

উল্লেখ্য যে,অৰুণাচলত অভিযান্ত্রিক পাঠ্যক্ৰমত অধ্যয়নৰত যুৱকজন আজি বৰবৰুৱা চুকাফা তিনিআলিৰ পৰা অৰুণাচলৰ অভিমুখে গৈ থকা সময়তে এই ঘটনা সংঘটিত কৰে ৷ ইতিমধ্যে যুৱকজনৰ সন্ধানত এছ ডি আৰ এফ দলে উদ্ধাৰ অভিযান আৰম্ভ ।

আনহাতে আৰক্ষীয়ে দলং ৰ ওপৰৰ পৰা লেপটপ, ম’বাইলসহ কিছু সামগ্রী উদ্ধাৰ। ইপিনে ঘটনাস্থলীত উপস্থিত হৈছে দুৰ্ভগীয়া পৰিয়ালৰ লোক ৷

Exit mobile version