বিমান উৰিবলৈ প্রস্তুতি লােৱাৰ সময়তে বিমানৰ ককপিটত প্ৰৱেশৰ চেষ্টা কৰিছিল এজন যাত্রীয়ে। সেই কার্যত বিফল হােৱাত যাত্রীজনে কৰিলে এক অভাৱনীয় কাণ্ড।
ৰাণৱে’ত চলি থকা বিমানখনৰ দুৱাৰ খুলি তললৈ জাঁপ দিয়ে আমেৰিকাৰ সেই যাত্রীজনে। সেই সময়ত ৰাণৱে’ এৰি বিমানখনে আকাশত উৰাৰ বাবে প্রায় প্রস্তুত হৈছিল।
এই কাণ্ড লােকজনে কিয় কৰিলে সেই কথা এই পর্যন্ত সদৰী হােৱা নাই যদিও বিমানকোঠ কর্তৃপক্ষই তেওঁক আটক কৰিছে । যাত্রীজন আঘাতপ্রাপ্ত হয় যদিও সিমান গুৰুতৰ নহয় বুলি বিমানকোঠ কর্তৃপক্ষই জনাইছে।
এই ঘটনা সংঘটিত হৈছে লছ এঞ্জেলছ বিমানকোঠত। সন্ধিয়া সংঘটিত এই ঘটনাত বিমানকোঠ কর্তৃপক্ষৰ লগতে আন যাত্রীসকলাে স্বাভাৱিকতে হতভম্ব হৈ পৰে।
বিমানকোঠ কর্তৃপক্ষই জনােৱা মতে, স্কাই ৱেষ্ট এয়াৰলাইন্সৰ ফ্লাইট-৫৩৬৫ খন ছল্টলেক অভিমুখে উৰা মৰাৰ বাবে সাজু হৈছিল।
ৰাণৱে’ত বিমানখনে দৌৰি থকা অৱস্থাতে এই বিপত্তি ঘটে। ইপিনে, সংবাদ সংস্থাই জনাইছে যে চলন্ত বিমান এৰি জাঁপ দিয়াৰ পাছত সেই যাত্রীজন ইমার্জেন্সী শ্লাইডেৰে আহি পৰে টাৰমেকৰ ওপৰত।
সেয়ে তেওঁৰ শৰীৰত আঁচোৰ লাগিলেও আঘাত গুৰুতৰ নহয়। অৱশ্যে চিকিৎসাৰ বাবে লােকজনক ইতিমধ্যে হাস্পতালত ভর্তি কৰােৱা হৈছে। তথাপি সমগ্র কাণ্ডৰ বাবে যাত্রীজনৰ বিৰুদ্ধে আৰক্ষীয়ে গােচৰ পঞ্জীয়ন কৰিছে।
হাস্পতালৰ পৰা ওলালেই তেওঁক গ্রেপ্তাৰ কৰা হ’ব পাৰে। বিমানকোঠ কর্তৃপক্ষ আৰু আৰক্ষীয়ে অৱশ্যে যাত্রীজনৰ নাম গােপনে ৰাখিছে।

































