karnataka:কংগ্ৰেছক ভোট দিছো, বাছত টিকট কাটিম কিয় ? কৰ্ণাটকত ভাড়া বিচৰা কণ্ডাক্টৰক বাছযাত্ৰীৰ প্ৰশ্ন

siddaramaiah

karnataka:

নির্বাচনত ভোটদানৰে কংগ্ৰেছক ক্ষমতা অর্পণ কৰা হৈছে। এতিয়া নির্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব। কর্ণাটকত সদ্য ক্ষমতা লাভ কৰা কংগ্ৰেছলৈ এই বার্তা প্ৰেৰণ কৰিলে ৰাজ্যখনৰ সাধাৰণ নাগৰিকে। নিজৰ দাবীক লৈ কৰ্ণাটকৰ সাধাৰণ মানুহ ইমানে সৰৱ যে ইতিমধ্যে বিদ্যুতৰ বকেয়া বিল আদায় নিদিয়াক লৈ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হৈছে। একাংশ মহিলাই বিনামূল্যে বাছত ভ্ৰমণ কৰাৰ দাবীবেও সৰৱ হৈ উঠিছে।

কর্ণাটকত ১৩৫ সমষ্টিত জয়ে কংগ্ৰেছে চৰকাৰ গঠন কৰিলে। কর্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছে ৰাজ্যবাসীক প্রতিশ্রুতি দিছিল যে দলে চৰকাৰ গঠন কৰিলে প্রতিমাহে দুশ ইউনিটলৈকে বিদ্যুৎ বিনামূল্যে যোগান ধৰা হ’ব।

কংগ্ৰেছে ক্ষমতা লাভৰ পাছত এতিয়া ৰাজ্যখনৰ বহু অঞ্চলৰ বাসিন্দাই বিদ্যুতৰ মাচুল আদায় দিবলৈ অস্বীকাৰ কৰিছে। একাংশ লোকে স্থানীয় বিদ্যুৎ কার্যালয়লৈ গৈ বৈদ্যুতিন মিটাৰ সংযোগ বিচ্ছিন্ন কৰাৰো দাবী জনাইছে।

কংগ্ৰেছে ৰাজ্যখনত মহিলাক বিনামূল্যে বাছত ভ্ৰমণৰ সুবিধা দিব বুলিও নিৰ্বাচনৰ পূৰ্বে প্রতিশ্রুতি দিছিল। কংগ্ৰেছৰ জয়ৰ পাছত একাংশ মহিলাই এতিয়া বাছত কৰ আদায় দিবলৈ অস্বীকাৰ কৰি কণ্ডাক্টৰৰ স’তে তর্কাতর্কিত লিপ্ত হৈছে।

সম্প্রতি ভাইৰেল হোৱা এক ভিডিঅ’ত এগৰাকী মহিলাই ভাড়া বিচৰা কণ্ডাক্টৰে এইদৰে কয়, ‘আমি যদি ধন দিব লাগে, তেন্তে কংগ্ৰেছে কিয় কৈছিল যে চৰকাৰ গঠনৰ পাছত মহিলাই। আৰু বাছত ভাড়া দিব নালাগে ।

আমি কংগ্রেছক ভোট দিছিলো, সেয়েহে টিকট নাকাটো। অলপতে কোপ্পালত এজন বিদ্যুৎ কর্মীয়ে এজন ব্যক্তিৰ পৰা বিদ্যুতৰ বকেয়া ন হেজাৰ টকাৰ বিল আদায় দাবী কৰাত উক্ত ব্যক্তিয়ে বিদ্যুৎ কর্মীক প্ৰহাৰ কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈছে।

Exit mobile version