Pm Modi :মোদীৰ নেতৃত্বত বৃদ্ধি পাইছে দেশৰ সন্মান, এনডিটিভিৰ সমীক্ষাত মত ৬৩ শতাংশ লোকৰ

modi 1

Pm Modi:

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত বিশ্বজুৰি ভাৰতৰ সম্মান বৃদ্ধি পাইছে। এনডিটিভি-ডিএছডি বাছৰ শেহতীয়া সমীক্ষাত এইদৰে মত প্রকাশ কৰিলে ৬৩ শতাংশ অংশ গ্ৰহণকাৰীয়ে।

এক সমীক্ষাত মোদীৰ শাসনকালত ভাৰতৰ সম্মান বৃদ্ধি পোৱা নাই বুলি মত প্ৰকাশ কৰিলে ২০ শতাংশ লোকে। অৱশ্যে এই তাৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিল সমীক্ষাৰ অংশ লোৱা ১৪ শতাংশ লোকে।

একেটা সমীক্ষাৰ অর্ধেকাংশৰো অধিক লোকে কয় যে সম্প্রতি ভাৰত বিশ্বৰ নেতৃত্বদানকাৰীদেশত পৰিণত হৈছে আৰু দেশৰ আৰ্থিক ব্যৱস্থাৰ দ্রুত বৃদ্ধি অব্যাহত আছে ।

৫৪ শতাংশ লোকে ভাৰত সম্প্রতি বিশ্ব নেতৃত্বদানকাৰী দেশত পৰিণত হোৱা বুলি মত পোষণ কৰাৰ বিপৰীতে ২৭ শতাংশ লোকেএই কথা অস্বীকাৰ কৰিলে।

আনহাতে, ১৯ শতাংশ লোকে এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিল। সমীক্ষাটোত ৫০ শতাংশ লোকে কয় যে বিদেশী বিনিয়োগৰ বাবে সম্প্রতি ভাৰত সবাতোকৈ আকৰ্ষণীয় দেশ। ২ শতাংশ লোকে কয় যে ভাৰত বিদেশী বিনিয়োগৰ বাবে উপযোগী দেশ ।

অৱশ্যে ১৮ শতাংশ লোকে এই প্ৰশ্নৰ উত্তৰ নিদিলে ৷ চীনৰ স’তে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ ভূমিকাত ২৮ শতাংশলোকে সন্তোষজনক নহয় বুলি কোৱাৰ বিপৰীতে ২৯ শতাংশই সন্তোষজনক বুলি কয় ৷

Exit mobile version