Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান

kajalgaon

Chirang Police Drug & Child Marriage Awareness:

বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান। চিৰাং জিলা অতিকে ব্যাস্থতাপুৰ্ণ ছাপাগুৰি চাৰিআলি আৰু জিলা সদৰ কাজলগাঁও চাৰিআলিত এই সজাগতা অনুষ্ঠান অনুস্থিত কৰে চিৰাং আৰক্ষীয়ে

প্ৰথম কাৰ্য্যসুচি হিচাবে জিলা সদৰ কাজলগাঁও থানা অঞ্চলতে এই সজাগতা কৰাৰ ব্যৱস্থা কৰে যদিও পৰৱৰ্তি সময়ত বিদ্যালয়,মহাবিদ্যালয়তো বহল ভিত্তিত সজাগতা কৰাৰ কথা জনায় চিৰাং জিলাৰ উপ -আৰক্ষী অধীক্ষক লব কুমাৰ ডেকাই।

আজিৰ এই সজাগতা অনুষ্ঠান কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়নৰ উদ্যোগত অনুস্থিত হয়। কাজলগাঁও থানাৰ আৰক্ষীয়ে হাতে হাতে বেনাৰ -পোষ্টাৰ লৈ বাল্যবিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ চেষ্টা চলায়।

যিহেতু দুয়োটা বিষয়ত অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে কঠোৰ হাতেৰে দমন কৰাৰ মানসেৰে ব্যৱস্থা লৈ আগবাঢ়িছে।

Exit mobile version