Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ

elon musk

Elon Musk:

বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্কৰ মালিকানাধীন প্ৰতিষ্ঠান নিউৰালিংকে মানুহৰ মস্তিষ্কক বিশেষ ধৰণৰ ‘চিপ’ প্ৰতিষ্ঠাপনৰ বিষয় পৰীক্ষা-নিৰীক্ষা চলাবলৈ চৰকাৰৰ পৰা অনুমতি লাভ কৰিলে।

ADVERTISEMENT

এনে গবেষণামূলক অধ্যয়নৰ জৰিয়তে মানুহৰ মস্তিষ্কত বিশেষ ধৰণৰ চিপ স্থাপনৰ মাধ্যমৰে প্ৰত্যক্ষভাবে কম্পিউটাৰৰ স’তে সংযোগ স্থাপন কৰা সম্ভৱ হ’ব বুলি বিজ্ঞানীসকলে দাবী কৰিছে।

সম্প্রতি এক টুইটত এই বিষয়টো সদৰী কৰিলে নিউৰালিংকে। প্রকাশিত বাতৰি অনুসৰি, আমেৰিকাৰ ফুড এন্ড ড্রাগ অর্থ বিটি (এফডিএ) যে নিউৰালিংকক মানৰ মস্তিষ্কত বিশেষ ধৰণৰ চিপ স্থাপনৰ সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা চলাবলৈ প্ৰয়োজনীয় অনুমতি দিলে।

টেছলা, স্পেচএক্স, টুইটাৰসহ কে’বাটাও প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী মাস্ক নিউৰালিংকৰো গৰাকী। এই প্রযুক্তিৰে মানৱৰ মস্তিষ্কত কম্পিউটাৰ ডিপ সংস্থাপনৰ বাবে প্ৰথম গবেষণামূলক অধ্যয়ন চলাব মাস্কৰ নিউৰালিংকে।

অৱশ্যে কোন ব্যক্তিয়ে নিউৰালিংকৰ প্ৰথমবাৰৰ চিপ স্থাপনৰ অধ্যয়নত অংশ ল’ব , সেয়া প্রতিষ্ঠানটোৱে সদৰী কৰা নাই।

Exit mobile version