Tmc Leader Abhishek Benerjee :শিক্ষক নিযুক্তি কেলেংকাৰিত অভিষেকক সকাহ নিদিলে ন্যায়ালয়ে

২৫ লাখৰ জৰিমনাত স্থগিতাদেশ

abhishek

Tmc Leader Abhishek Benerjee :

ADVERTISEMENT

পশ্চিম বংগৰ বহু চর্চিত শিক্ষক নিযুক্তিৰ কেলেংকাৰিৰ গোচৰ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীক সকাহ নিদিলে উচ্চতম ন্যায়ালয়ে

দৰাচলতে কলকাতা উচ্চ ন্যায়ালয়ে অভিযেকৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰ অনুমতি প্ৰদান কৰাৰ বিৰুদ্ধে সর্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তৃণমূল কংগ্ৰেছৰ নেতাজন। কিন্তু আজি সর্বোচ্চ ন্যায়ালয়ে অভিষেকৰ বিৰুদ্ধে চিবি আইয়ে তদন্ত চলাব পাৰিব বুলি মত প্ৰকাশ কৰি নিম্ন আদালত ৰায় বাহাল ৰাখে।

উচ্চতম ন্যায়ালয়ে কলকাতা উচ্চ ন্যায়ালয়ৰ এই ৰায়ত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিলে। অবশ্যে একেটা গোচৰত জৰিমনাৰ সম্পৰ্কত সর্বোচ্চ ন্যায়ালয়ে অভিষেকক সাময়িক ৰেহাই দিলে।

কলকাতা উচ্চ ন্যায়ালয়ে অভিষেকৰ বিৰুদ্ধে ২৫ লাখ টকাৰ জৰিমনাৰ ৰায় দিছিল যদিও সর্বোচ্চ ন্যায়ালয়ে আজি জৰিমনাৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰিলে। এই আবেদন পৰবর্তী শুনানি ন্যায়ালয়ে অহা ১০ জুলাইত গ্ৰহণ কৰিব।

Exit mobile version