Vande Bharat Express Warm Welcome In Fakiragram:বন্দে ভাৰত দ্ৰুতগামী যাত্ৰীবাহী ৰেলৰ যাত্ৰীক ফকিৰাগ্ৰামত উস্ম আদৰণি

fakiragam vande

Vande Bharat Express Warm Welcome In Fakiragram:

ভাৰতীয় ৰেলত নতুন সংযোজন হিচাপে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী শুভ উদ্বোধন কৰা দ্ৰুতগামী যাত্ৰীবাহী ৰেল বন্দে ভাৰত Express উক্ত ৰে’লখন সোমবাৰে আবেলি ৩ বজাত উপস্থিত হয় ফকিৰাগ্ৰাম জংচনত ।

ৰেলখন আজি কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাওচাহেৱ দাদাৰাওৱে দিনৰ ১১ বজাত গুৱাহাটী ৰে’ল ষ্টেচনত ফ্লেগ অ’ফ কৰি শুভ উদ্ধোধন কৰাৰ পিচতে ৰঙিয়াত আহি উপস্থিত হয় ।

দ্ৰুতগামী ৰে’লখন কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম জংচনত উপস্থিত হোৱাৰ লগে লগেই ফকিৰাগ্ৰাম ষ্টেচনত উপস্থিত হয় ই এম অৰূপ কুমাৰ দে,বিধায়ক লৰেঞ্চ ইছলাৰী, ৰেওৰেৱা নাৰ্জিহাৰীৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল আৰু বৃহত্তৰ ফকিৰাগ্ৰাম অঞ্চলৰ ৰাইজসকল।

উক্ত ব্যক্তি কেইজন উপস্থিত হৈ ৰেলখনত গুৱাহাটীৰ পৰা নিউ জলপাইগুৰী লৈ যাত্ৰা কৰা যাত্ৰী সকলক উস্ম আদৰণি জনায়। দ্ৰুতগামী ৰেলখন শুভ আৰম্ভ কৰা সন্ধৰ্ভত ই এম অৰূপ কুমাৰ দেই কয় যে ভাৰতক এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে পৰিচিত কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চেষ্টা অব্যাহত ৰাখিছে ‌ সেই মতে প্ৰায় ক্ষেত্ৰতে উন্নয়নো আৰম্ভ হৈছে ।

আজি পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ উত্তৰ পূৱৰ ৰেল যাত্ৰীৰ সুবিধাৰ বাবে দ্ৰুততম যাত্ৰীবাহী ৰেল বন্দে ভাৰতৰ শুভ উদ্বোধন কৰি এক নিদৰ্শন দাঙি ধৰিলে বুলি মন্তব্য কৰে অৰূপ কুমাৰ দেই।

Exit mobile version