Hotter Weather In Assam:আজি পুনৰ উৎকট গৰমে দহিছে ৰাজ্যৰ লগতে মহানগৰবাসীক

আজি মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা ৩৭ ডিগ্ৰী চেলছিয়াছ

weather1

Hotter Weather In Assam :

গ্ৰীষ্ম কাল অহাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰত তীব্ৰ গৰমে দহিছে ৷ যোৱা কেইদিনমান পূৰ্বে দুই এজাক পাতলীয়া বৰষুণ দিয়াৰ বাবে গৰমৰ মাত্ৰা কম আছিল যদিও তিনিদিনৰ পৰা আগন্তুক কেইদিন মানলৈ পুনৰ উৎকট গৰমে দহিব ৰাজ্যৰ লগতে মহানগৰবাসীক।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসম আৰু চুবুৰীয়া পাৰ্বত্য ৰাজ্য মেঘালয় সহ উত্তৰ পূৰ্বৰ আটাইকেই খন ৰাজ্যৰ দুই এঠাইত পাতলীয়া বৰষুণৰ সম্ভৱনা আছে।

আনহাতে এক জুলাইত অসম,মেঘালয়,ত্ৰিপুৰা সহ আন চাৰি পাহাৰীয়া ৰাজ্যৰ কেতবোৰ অঞ্চলত মজলীয়া বৰষুণৰ হোৱাৰ সম্ভৱনা আছে। ইয়াৰোপৰি গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলত বিজুলী- ঢেৰেকনিৰে বতাহ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

বৰঝাৰস্থ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিব দিয়া মতে উত্তৰ – পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰত আজি আৰু অহা দুদিনলৈ তাপমান ৩৬/৩৭/৩৮ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷

মঙলবাৰে গুৱাহাটী মহানগৰীৰ সৰ্বোচ্চ তাপমান আছিল ৩৭ ডিগ্ৰী ৷আজি মহানগৰীত অধিক গৰম হোৱাত আজি বিয়লিলৈ ৩৮তাপমাত্ৰা হোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে ৷

উল্লেখ্য যে বুধবাৰে আজি গুৱাহাটী মহানগৰীত উৎকট গৰমে মহানগৰবাসীক জ্বলাকলা দেখুৱাইছে  ৷দুপৰীয়া ভাগলৈ মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা ৩৭ ডিগ্ৰী চেলছিয়াছ হোৱালৈ চাই তাপমাত্ৰা আৰু বৃদ্ধি সম্ভাৱনা আছে।

একেদৰে আজি দিনটোত উত্তৰ পাৰৰ লক্ষীমপুৰত তাপমাত্ৰা ৩৭ ডিগ্ৰী আৰু তেজপুৰত ৩৮ ডিগ্ৰী হোৱাৰ বিপৰীতে উজনি অসমৰ ডিব্ৰুগড়ত ৩৮ ডিগ্ৰী আৰু যোৰহাটত সৰ্বোচ্চ তাপমান ৩৯ ডিগ্ৰী আৰু নামনি অসমৰ ধুবুৰীত ৩৭ ডিগ্ৰী আৰু বৰাক উপত্যকাৰ শিলচৰত ৩৮ ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে বুলি সদৰি কৰে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই

Exit mobile version