Top Central University In Assam : শীর্ষ ২০খন কেন্দ্রীয় বিশ্ববিদ্যালয় তালিকাত অসমৰ দুখন

tezpur university

Top Central University In Assam :

ইণ্ডিয়ান ইনষ্টিটিউছনেল ৰেংকিং ফ্ৰেমৱৰ্ক (আই আই আৰ এফ) ইউনিভাৰচিটি ৰেংকিং ২০২৩ অনুসৰি ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত অসমৰ দুখন বিশ্ববিদ্যালয়ে স্থান দখল কৰিছে।

ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত উত্তৰ- পূৰ্বাঞ্চলৰ ছখন বিশ্ববিদ্যালয়েও স্থান লাভ কৰিছে। উক্ত তালিকাত অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ে চতুর্দশ (১৪) আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়ে ঊনবিংশ (১৯) স্থান লাভ কৰিছে।

তথ্য অনুসৰি, ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত শীর্ষ স্থানত আছে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ)। জে এন ইউৰ পাছতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে বাৰাণসীৰ বেনাৰ্ছ হিন্দু বিশ্ববিদ্যালয় আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়।

আনহাতে, ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ ভিতৰত গুজৰাটৰ গান্ধীনগৰৰ ধীরুভাই আম্বানী ইনষ্টিটিউট অব ইনফৰমেছন এগু কমিউনিকেশন টেকন’লজিয়ে প্রথম স্থান, দ্বিতীয় স্থানত হাৰিয়ানাৰ সোণীপত্ৰৰ অশোক |

বিশ্ববিদ্যালয় আৰু গুজৰাটৰ আহমেদাবাদৰ নিৰ্মা বিশ্ববিদ্যালয় তৃতীয় স্থান লাভ কৰিছে। ১৯৯৪ত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বর্তমান বিশ্ববিদ্যালয়খনত ১৫টা বিভাগেৰে প্রায় ২৫০০ ছাত্র-ছাত্রীয়ে শিক্ষা গ্ৰহণ কৰি আছে।

শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে বিনোদ কুমাৰ জৈনক নিযুক্তি দিয়া হৈছে। গৱেষণাৰ দিশত বিশ্ববিদ্যালয়খনৰ ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত এক বিশেষ সুনাম আছে।

বিশ্ববিদ্যালয় সংগীতৰ কথা আৰু সুৰ ড° ভূপেন হাজৰিকাৰ। অসম বিশ্ববিদ্যালয় অসমৰ কাছাৰ জিলাত অৱস্থিত এখন কেন্দ্রীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় খনত মুঠ ১৬খন বিদ্যাপীঠ আছে, এইসমূহত সমাজ বিজ্ঞান, কলা, জীৱ বিদ্যা, ভৌতিক বিদ্যা, পৰিৱেশ বিদ্যা, তথ্য বিজ্ঞান, প্রযুক্তি আৰু ব্যৱস্থাপনা বিদ্যাপীঠ আদি অন্তর্ভুক্ত

এই ১৬ খন বিদ্যাপীঠৰ অধীনত বিশ্ববিদ্যালয়খনত মুঠ ৩৫টা বিভাগ আছে। অসমৰ পাঁচখন জিলাত বিশ্ববিদ্যালয়খনৰ অধীনত মুঠ ৫৬ খন স্নাতক মহাবিদ্যালয় আছে ।

Exit mobile version