Bokajan arms laying by Apla Cadre:বোকাজানত আদিবাসী উগ্ৰপন্থী সংগঠন আপলা { আদিবসী পিপলচ লিবাৰেচন আৰ্মী}ৰ ৩৯ সদস্যৰ অস্ত্ৰ সম্বৰণ

BOKAJAN MAIN

Bokajan arms laying by Apla Cadre:

বোকাজানত আজি আদিবাসী উগ্ৰপন্থী সংগঠন আপলা অৰ্থাৎ আদিবাসী পিপলচ লিবাৰেচন আৰ্মীৰ ৩৯ জন সদস্যই অস্ত্ৰ সম্বৰণ কৰে ৷ অসম আৰক্ষী আৰু অসম ৰাইফলছৰ বিষয়াৰ ওচৰত আজি সদস্যসকলে নিজ অস্ত্ৰ অৰ্পন কৰি মূলসুঁতিলৈ ঘূৰি আহে ৷

আদিবাসী উগ্ৰপন্থী সংগঠন আনলাই অস্ত্ৰ সম্বৰণ কৰাৰ পাছত একাংশ ক্ষুদ্ধ সদস্যই মূলসুঁতিলৈ ঘূৰি নাহি আপলা গঠন কৰে ৷ ২০১৯ চনত গঠন হোৱা এই সংগঠনটোৰ ৩৯ জন সদস্যই আজি ৩১বিধ অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ জমা দিয়ে ৷

বোকাজান থানাত অনুষ্ঠিত হোৱা অস্ত্ৰ সম্বৰণ অনুষ্ঠানত উপস্থিত থাকে অসম ৰাইফলছৰ সঞ্চালক প্ৰধান দেৱজিত মূখাৰ্জী ,বিগ্ৰেডিয়াৰ শিৱকান্ত শুক্লা,কাৰ্বি আংলং আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া প্ৰমুখ্যে শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ৷

সংবাদ মাধ্যমৰ আগত সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে উন্নতি আৰু শান্তিৰ স্বাৰ্থত সদস্যসকল মূলসুঁতিলৈ ঘূৰি আহিছে আৰু বৰ্তমান সশস্ত্ৰ বিদ্ৰোহ মূল্যহীন ৷ সমাজৰ বাবে সদস্যসকলক আত্মনিয়োগ কৰিবলৈ তেওঁ আহ্বান জনায় ৷

আনহাতে অস্ত্ৰ সম্বৰণ কৰা সদস্যসকলে চৰকাৰৰ উন্নয়নৰ কৰ্মৰাজিৰ প্ৰতি আকৰ্ষিত হৈ মূলসুঁতিলৈ ঘূৰি আহিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

Exit mobile version