keshab Mahanta:গুৱাহাটীত বিশ্ব খাদ্য সুৰক্ষা দিৱসত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ

ভেঁজাল খাদ্যৰে মানুহক ৰোগীয়া কৰাটো হত্যাৰ সমানেই পাপ

keshab mahanta 1

keshab Mahanta:

বজাৰত ভেঁজাল খাদ্য সামগ্ৰীৰ পয়োভৰে জনস্বাস্থ্যৰ প্ৰতি নমাই অনা গুৰুতৰ ভাবুকিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । গুৱাহাটীৰ বামুনীমৈদামস্থিত ৰাজ্যিক জনস্বাস্থ্য গৱেষণাগাৰত আজি আয়োজিত বিশ্ব খাদ্য দিৱসৰ ৰাজ্যিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘ভেঁজাল খাদ্যৰ বাবে আমাৰ জনসাধাৰণ বিভিন্ন গুৰুতৰ ৰোগত আক্ৰান্ত হ’বলৈ লৈছে।

ক্ষতিকাৰক ৰাসায়নিক দব্য প্ৰয়োগ কৰা ফল-মূল, খেতিত কীটানুনাশক-ৰাসায়নিক সাৰ প্ৰয়োগেৰে উৎপাদন কৰা শাক-পাচলি, ফৰ্মেলিন দিয়া মাছ, ষ্টেৰয়ড আদি ব্যৱহাৰ কৰা বয়লাৰ মূৰ্গীৰ মাংস আদি বিষাক্ত খাদ্যই শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। ভেঁজাল খাদ্যৰে মানুহক ৰোগীয়া কৰাটোও হত্যা কৰাৰ দৰেই মহাপাপ।’

ভেঁজাল তথা নিম্নমানৰ খাদ্য সামগ্ৰীৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে জনসচেতনতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী মহন্তই খাদ্য সুৰক্ষা আয়ুক্তালয়কো অধিক সক্ৰিয়তাৰে কাৰ্যব্যৱস্থা গ্ৰহণৰ দিহা দিয়ে। মন্ত্ৰী মহন্তই লগতে কয় যে খাদ্য সচেতনতাই শৰীৰ নিৰোগী কৰি ৰখাত সহায় কৰে ৷

নিয়মিত সুষম-সমতুল আহাৰ গ্ৰহণেৰে স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিব পাৰি। সঠিক-বিশুদ্ধ খাদ্যই জীৱন শৈলীকো সুশৃংখলিত কৰি ৰাখে বুলি দোহাৰি মন্ত্ৰী মহন্তই কয়, ‘সুষম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ আৰু পৰিষ্কাৰ-পৰিচন্নতাই সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাত আমাক সহায় কৰে।

খাদ্য সুৰক্ষা আয়ুক্তালয়, অসমে গুৱাহাটী আইআইটিৰ সহযোগত আয়োজিত বিশ্ব খাদ্য সুৰক্ষা দিৱস ২০২৩ৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, খাদ্য সুৰক্ষা আয়ুক্ত অভিজিত বৰুৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব কান্তা দাস, আইআইটিৰ সহযোগী অধ্যাপক ডঃ সিদ্ধাৰ্থ সিং, ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ (এফএছএছআই)ৰ উপ সঞ্চালক জেষ্ট গাৰ্গয়ো অংশগ্ৰহণ কৰে।

Exit mobile version