Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

চিনেমাখনৰ পৰিচালক সুব্ৰত কাকতিৰ দুষ্ট চক্ৰলৈ হুংকাৰ,যাব লাগিব জে'ললৈ

sri raghupati

Sri Raghupati:

বিতৰ্কৰ মাজত সোমাই পৰা বহুচৰ্চিত ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি‘লৈ পুনৰ আহিছে আন এক ভাবুকি ৷ ছবি খন চলচ্চিত্ৰ গৃহত উপভোগ কৰিবলৈ যোৱা একাংশ লোকে চিনেমাখনৰ দৃশ্যাংশ ম’বাইলত আৱদ্ধ কৰি আনি পৰৱৰ্তী সময়ত আপলোড কৰিছে ফেচবুক, ইউটিউবত।

দৰ্শকৰূপি একাংশ লোকৰ এই কাৰ্যত ক্ষোভিত হৈ পৰিছে চিনেমা খনৰ পৰিচালক সুব্ৰত কাকতিয়ে ৷ ইতিমধ্যে কাকতিয়ে চ’ছিয়েল মেডিয়াত  এই কথা সদৰি কৰিছে ৷

তেওঁ উল্লেখ কৰে যে একাংশ দৰ্শকে চিনেমা খন চাবলৈ গৈ জানিয়ে হওক, কিম্বা অজানিতেই হওক চিনেমা খনৰ ১৫ মিনিটৰ এক দীঘলীয়া দৃশ্যাংশৰ ভিডিঅ’ কৰি আনি চ’ছিয়েল মাধ্যমত ভাইৰেল কৰিছে ৷ একেদৰে দৃশ্যাংশৰ ভিডিঅ’ খণ্ড-১ আৰু খণ্ড-২ কৈ ইউটিউবতো আপলোড কৰিছে ৷

বহু কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা চিনেমা খনৰ দৃশ্যাংশ এইদৰে ৰেকডিং কৰি চ’ছিয়েল মিডিয়াত ভাইৰেল কৰা কাৰ্যক সহজভাৱে লোৱা নাই প্ৰযোজক গোষ্ঠী ৷

ইতিমধ্যে গোচৰ ৰজু কৰা হৈছে বুলি সদৰি কৰি ‘শ্ৰী ৰঘুপতি’ৰ পৰিচালক সুব্ৰত কাকতিয়ে কয়,এই অবৈধ আৰু বেআইনী কাৰ্যত জড়িত হোৱা কেইবাজনো লোক শীৰ্ঘেই আৰক্ষীৰ জালত পৰাটো প্ৰকট হৈ পৰিছে ৷

পৰিচালক সুব্ৰত কাকতিয়ে পুনৰ এই কাৰ্য কৰা সকললৈ কাতৰ আহ্বান শীঘ্ৰেই ৰেকৰ্ডিং কৰি অনা দৃশ্যসমূহ চ’ছিয়েল মেডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ পৰা ডিলিট কৰক। অন্যৰ্থাই সাজু থাকক আইনৰ সন্মুখীন হ’বলৈ ৷

অসমীয়া চলচ্চিত্ৰৰ দুৰ্যোগৰ সময়ত নিজৰ গাঠিৰ ধন ভাঙি বহু বাজেটৰ চিনেমা এখন নিৰ্মাণ কৰাটো কিমান কষ্টদায়ক সেইয়া সচাকৈয়ে অনুমেয় ৷ অৱশ্যে চিনেমাখনলৈ আগবঢ়োৱা অভূতপূৰ্ব সহাৰিৰ বাবে অসমবাসীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে পৰিচালক সুব্ৰত কাকতিয়ে।

Exit mobile version