Ambubachi Mela In kamakhya:নীলাচল পাহাৰৰ শক্তিপীঠত অম্বুবাচী মেলাৰ ব্যাপক প্ৰস্তুতি

২২ জুনৰ পৰা অম্বুবাচী, প্ৰবৃত্তি ২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডত ,নিবৃত্তি হ'ব ২৬ জুনত

kamakhya 1

Ambubachi Mela In kamakhya:

শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলাৰ চলিছে ব্যাপক প্রস্তুতি ৷ অম্বুবাচীৰ প্ৰবৃত্তি ২২ জুনৰ নিশা ২-৩০ বাজি ৪২ ছেকেণ্ডত আৰম্ভ হোৱাৰ বিপৰীতে নিবৃত্তি হ’ব ২৬ জুনত ৷

২৬ জুনৰ পুৱা ভাগত নিত্য নৈমিত্তিক পূজা-পাতলৰ পাছত খোলা হ’ব মন্দিৰৰ দুৱাৰ ৷ ইতিমধ্যে অম্বুবাচী মেলাৰ বাবে তৎপৰ হৈ উঠিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন

ব্যাপক প্ৰস্তুতিৰে আৰম্ভ হ’বলগীয়া মেলাৰ উপলক্ষ্যত প্ৰশাসনে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যাৰবাবে কিছু কঠোৰ নিদেৰ্শনা জাৰি কৰি এইবাৰ ভক্তৰ থকা-খোৱাৰ বাবে দুটাকৈ কেম্পৰ দিহা কৰিছে কেৱল পাণ্ডুত ৷

আনহাতে ভক্তৰ সুবিধার্থে সমগ্ৰ পথটোত কার্পেট পাৰি দিয়াৰ লগতে নাৰ্ছাৰীৰ পৰা কামাখ্যালৈ যোৱা পথছোৱাত ব্যৱস্থা কৰা হৈছে খোৱাপানীৰ ৷

উল্লেখ্য যে, কামাখ্যাত নিশা ন বজাৰ পাছত ভক্তৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে ৷

Exit mobile version