Guwahati Jal Board Files Fir Against A k Construction:অৱশেষত গা লৰিল জলবৰ্ডৰ !

মহানগৰীত য'তে ত'তে পানীৰ পাইপ মেৰামতিৰ নামত গাঁত খান্দি মৰণফাণ্ড পতা, এ কে কনষ্ট্ৰাকশ্বনৰ বিৰুদ্ধে এজাহাৰ জলবৰ্ডৰ

jal board

Guwahati Jal Board Files Fir Against A k Construction:

অৱশেষত গা লৰিল জলবৰ্ডৰ ৷ গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে পানীৰ পাইপ মেৰামতিৰ নামত জধে-মধে গাঁত খান্দি মৰণফাণ্ড পতা এ কে কনষ্ট্ৰাকচন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জলবৰ্ড দাখিল কৰিছে এজাহাৰ।

উল্লেখ্য যে,মহানগৰীত জাইকাৰ পানী যোগানৰ বাবে পাইপ লাইনৰ মেৰামতিৰ কাম কৰি আহিছে উল্লিখিত প্ৰতিষ্ঠানটোৱে ৷

এ কে কনষ্ট্ৰাকশ্বনৰ চৰম দায়িত্বহীনতা আৰু গাফিলতিৰ বাবেই বৃহস্পতিবাৰে পুৱাই গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত নিহত হয় হাতীগাঁৱৰ লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰীৰ।

গণেশ মন্দিৰ চ’কৰ দিছপুৰ বিধায়ক কলনিৰ সদাব্যস্ত ৰাজপথৰ কাষতেই এ কে কনষ্ট্ৰাকশ্বনে পাইপ মেৰামতিৰ নামত খান্দিছিল এটা প্ৰকাণ্ড গাঁত ৷ গাঁত খান্দিলেই ঠিকেই। কিন্তু তাৰ চাৰিওফালে কোনো বেৰিকেড বা নাম ফলক আঁৰি নিদিয়াৰ ওপৰিও গাঁতটোৰ মাটি পথৰ এছোৱালৈকে দম কৰাৰ বাবেই স্কুটি আৰোহী ছাত্ৰী গৰাকী মাটি দমত নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত পৰি যায় ৷

ফলত ছাত্ৰ গৰাকীৰ মুৰৰ ওপৰৰে পাৰ হৈ যায় ৰয়েল গ্লৱেল স্কুলৰ বাছ ৷ থিতাতে মৃত্যু হয় শিক্ষাৰ্থী গৰাকী ৷ এই শোকাৱহ দুৰ্ঘটনাটোৰ পাছতে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আনকি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্তক ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

উল্লেখ্য যে,জাইকাৰ এই কৰ্মকাণ্ডৰ বিৰুদ্ধে মহানগৰবাসী ক্ষোভিত হৈ পৰে ৷ জাইকাৰ বিৰুদ্ধে এক জনমত গঢ়লৈ উঠিছিল।

এনে প্ৰেক্ষাপটত চৰম দায়িত্বহীনতাৰে কামত পাল মৰা সংস্থাটোৰ বিৰুদ্ধে খৰ্গহস্ত হৈ উঠিছে জল ব’ৰ্ড ৷ আজি জলবৰ্ডে পাইপলাইনৰ মেৰামতিৰ কৰ্মত নিয়োজিত এ কে কনষ্ট্ৰাকচনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ জলবৰ্ডে স্পষ্ট কৰি দিয়ে যে,নিদিষ্ট কৰি দিয়া সময়ৰ ভিতৰত মেৰামতিৰ কাম সম্পন্ন কৰিব লাগিব ৷ একেদৰে মেৰামতিৰ কাম শেষ হোৱাৰ পাছতে পুতি পেলাব লাগিব গাঁত সমূহ ৷

উল্লেখ্য যে, মহানগৰীৰ মুঠ ১২ টা স্থানত এই এ কে কনষ্ট্ৰাকচনৰ পানীৰ পাইপ মেৰামতি কাম চলি আছে যদিও প্ৰতিটো কামত যথেষ্ট আসোঁৱাহ ৰৈ যোৱাৰ অভিযোগ উদ্থাপিত হৈছে ৷ কাম শেষ হোৱাৰ পাছতো খন্দা গাঁত সমূহ পুতি নেপেলাই এৰি থৈ আহিছে ৷

আনহাতে,হাতীগাওঁ অঞ্চলত খান্দি থোৱা এনে এটা গাঁততে এখন বাহন সোমাই যোৱাৰ ফলত বাহনখনৰ যথেষ্ট ক্ষতি হোৱা পৰিলক্ষিত হৈছে। আনকি যোৱা নিশা দিয়া এজাক বৰষুণত গাঁত সমূহ পানীৰে পৰিপূৰ্ণ হৈ কৃত্ৰিম বানত একাকাৰ হৈ এতিয়া পৰিণত হৈছে মৰণফাণ্ডত ৷

Exit mobile version