Speaker Biswajit Daimari:শিৰোনামত অধ্যক্ষ দৈমাৰীৰ ২২টা এচি !

'দৈনিক অগ্ৰদূত”ৰ বাতৰিৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া, দৈমাৰীৰ টুলুঙা মন্তব্যই ক্ষুণ্ণ কৰি তুলিছে দিছপুৰকো, সামাজিক মাধ্যমৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো দিনজুৰি প্ৰচাৰ, নেতাৰ মুখত অসংলগ্ন ভাষ্যত ক্ষোভ সচেতন মহলৰ

daimari

Speaker Biswajit Daimari:

এফালে প্রচণ্ড গৰম আৰু আনফালে অত্যধিক বিদ্যুৎ মাছলে জলা- কলা খুওৱা ৰাজ্যবাসীক বিদ্যুৎ মাচুলৰ পৰা হাত সাৰিবলৈ গছৰ তললৈ যাবলৈ পৰামৰ্শ আগবঢ়োৱা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ চৰকাৰী আৱাসত ২২টা বাতানুকুল যন্ত্ৰ ব্যৱহাৰ হৈ থকাৰ বিষয়টো বৃহস্পতিবাৰে দিছপুৰ সহ ৰাজ্যৰ সৰ্বত্ৰে দিনজুৰি বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে।

এই বিষয়ে ‘দৈনিক অগ্ৰদূত’ত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা সামাজিক ক্ষেত্রলৈকে সর্বত্রে বিষয়টোৱে ব্যাপক ৰূপত চৰ্চা লাভ কৰে।

পূজা কৰা কোঠাৰ পৰা নিৰাপত্তাৰক্ষীৰ কোঠালৈ ২২টাকৈ বাতানুকূল যন্ত্র সক্রিয় হৈ থকা তথা প্ৰচণ্ড গ্রীষ্মপ্রবাহে কোনো কাৰণতে স্পৰ্শ কৰিব নোৱৰা বিধানসভাৰ অধ্যক্ষই গছৰ তলত জিৰণি ল’বলৈ দিয়া পৰামৰ্শৰ বাবে সম্প্রতি তেওঁৰ লগতে চৰকাৰো সমালোচনাৰ সন্মুখীন হৈছে।

ফলত অধ্যক্ষ দৈমাৰীৰ টুলুঙা মন্তব্যই সম্প্রতি দিছপুৰকো ক্ষুণ্ণ কৰি তুলিছে। উল্লেখ্য যে বিদ্যুতৰ মাচুল বৃদ্ধিত ক্ষুব্ধ হৈ থকা জনতাক কিঞ্চিমান সকাহ দিয়া তথা ইয়াৰ সমাধান সূত্ৰ উলিওৱাৰ বিপৰীতে বিধানসভাৰ অধ্যক্ষজনে বিদ্যুতৰ মাচুল হ্ৰাস কৰিবলৈ ৰাইজক গছৰ তললৈ যাবলৈ উপদেশ দি কৰা টুলুঙা মন্তব্যই ক্ষুণ্ণ বাতানুকূল যন্ত্ৰ ব্যৱহাৰৰ তথ্য উন্মোচিত হোৱাৰ পাছতে সামাজিক তীব্র সমালোচনা আৰু গৰিহণাৰ পাত্ৰ হৈছে।

আনকি উৎকট গৰমৰ পৰা সকাহ পাবলৈ চৰকাৰক বাতানুকূল যন্ত্ৰ বিতৰণৰ এখন আঁচনি ৰূপায়ণ কৰিবলৈও সামাজিক মাধ্যমত বিভিন্নজনে দাবী জনাইছে।

ৰাজ্যৰ প্ৰেক্ষাপটৰ এই বাতৰিটোৱে আজি সৰ্বভাৰতীয় সংবাদ মাধ্যমতো বিশেষভাৱে স্থান লাভ কৰে। ৰাষ্ট্ৰীয় নিউজ চেনেল ‘টাইমছ নাও’, ‘ইণ্ডিয়া টুডে এনই’ সংবাদ প্রতিষ্ঠান আই এ এন এছ আদিকে ধৰি কে’বাটাও প্রতিষ্ঠিত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ২২টাকৈ এচি ব্যৱহাৰ কৰা অসম বিধানসভাৰ অধ্যক্ষজনৰ বিলাসিতা আৰু প্ৰচণ্ড গৰমৰ পৰা সকাহ পোৱাৰ লগতে বিদ্যুতৰ বিল ৰাহি কৰিবলৈ ৰাইজক ফেন বন্ধ কৰি গছৰ তলত বহিবলৈ পৰামৰ্শ দিয়াৰ খবৰে স্থান লাভ কৰে।

ইফালে, সামজিক মাধ্যম বিশেষকৈ ফেচবুকত বৃহস্পতিবাৰে যি দিশৰেই চোৱা যায় সর্বত্রে কেৱল অধ্যক্ষ দৈমাৰীৰ বিষয়ে চর্চা। বিদ্যুৎ মাচুল ৰাহি কৰিবলৈ ৰাইজক গছৰ তললৈ যাবলৈ পৰামৰ্শ আগবঢ়োৱা অধ্যক্ষ দৈমাৰীৰ চৰকাৰী আৱাসত ব্যৱহৃত বাতানুকূল যন্ত্ৰৰ বিদ্যুৎ মাচুল কাৰ টকাৰে পৰিশোধ কৰা হয় বুলি সামাজিক মাধ্যমত বিভিন্নজনে প্রশ্ন উত্থাপন কৰে।

কেবাজনো জ্যেষ্ঠ ব্যক্তিয়ে জনপ্ৰতিনিধিৰ টুলুঙা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে চৰকাৰৰ প্রতিনিধিসকলে কথা কওঁতে সংযত হোৱাটো অতি প্রয়োজন। নহ’লে অনাগত দিনবোৰত ইয়াৰ প্ৰতিফলন হোৱাটো তেনেই স্বাভাৱিক। বিভিন্ন নেতা তথা জনপ্ৰতিনিধিৰ মুখত প্ৰায়েই এনেকুৱা টুলুঙা মন্তব্য শুনা যায়।

এই দিশত জনপ্রতিনিধিসকলক সচেতন হ’বলৈ আহ্বান জনায়। বহুতেই আকৌ শীত-তাপ নিয়ন্ত্রিত কোঠাত দিন অতিবাহিত কৰা অধ্যক্ষ দৈমাৰীৰ পৰামৰ্শ অনুসৰি বিদ্যুতৰ মাচুল ৰাহি কৰিবলৈ গছৰ তলত জিৰণি লৈ ফটো ৰাজহুৱা কৰা অব্যাহত ৰাখিছে।

অধ্যক্ষৰ পৰামৰ্শ অনুসৰি আত্মনিৰ্ভৰশীল গোটৰ বৈঠকো গছৰ তলত কৰিছে বুলি এজনে সদৰী কৰিছে। কোনোৱে বেছিকৈ খালে সামগ্ৰীৰ দাম বাঢ়িবই বুলি মন্তব্য কৰাজনে দিনটোত কি কি খায় চাব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে।

লোভ থাকিলে সকলো সম্ভৱ বুলি দৈমাৰীয়ে কালি কৰা মন্তব্যৰো উদ্ধৃতি দি বহুতে তেওঁক কটাক্ষ কৰিছে। এনেকৈয়ে আজি অধ্যক্ষ দৈমাৰীক লৈ ৰাজনীতিৰ পৰা সামাজিক মাধ্যমলৈ ৰাজ্যজুৰি ব্যাপক চর্চা চলা দেখিবলৈ পোৱা গ’ল।

Exit mobile version