Guwahati Silsako Eviction:মহানগৰীৰ চচলত যুদ্ধসদৃশ পৰিৱেশ

শিলসাঁকোত পুনৰ উচ্ছেদ অভিযান চলাবলৈ সাজু প্ৰশাসন, সহস্ৰাধিক আৰক্ষীৰ সমৰসজ্জা দেখি আতংকিত স্থানীয়লোক, যিকোনো মূহূৰ্ততে পৰিস্থিতি উত্তপ্ত হোৱাৰ সম্ভাৱনা

silsako beel3

Guwahati Silsako Eviction:

মহানগৰীৰ শিলসাঁকোত পুনৰ বৃহৎ উচ্ছেদ অভিযান চলাবলৈ সাজু প্ৰশাসন ৷ সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে শণিবাৰে পুৱাৰে পৰা ১২০০ আৰক্ষী – অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰি সমৰসজ্জা গঢ়ি তোলে প্ৰশাসনে ৷

আৰক্ষীৰ সমৰসজ্জা দেখি আতংকিত হৈ পৰিছে স্থানীয়লোক ৷ একেদৰে প্ৰসাসনে কোনো আগতীয়া জাননী নিদিয়াকৈ পুনৰ অভিযানৰ কুজকাৱাজ চলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে স্থানীয় লোকে ৷

উল্লেখ্য যে,ইয়াৰ পূৰ্বে ৭০০ বিঘা ভূমিত উচ্ছেদ চলোৱাৰ পাছত আজি দ্বিতীয় বাৰৰ বাবে ১৩০ বিঘা ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈছে জি এম ডি এ

মনকৰিবলগীয়া যে,উচ্ছেদস্থলীত জৰীপৰ বাবে জি এম ডি এ চাৰিজনীয়া বিষয়াৰ দল এটাও বাহৰ পাতি আছে শিলসাঁকোত ৷

আনহাতে উচ্ছেদৰ বিৰুদ্ধে স্থানীয় লোকৰ যুদ্ধদেহিং স্থিতিয়ে যিকোনো মূহূৰ্ততে পৰিস্থিতি উত্তপ্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ একেদৰে চৰকাৰ বিৰোধী উত্তাল শ্ল’গানেৰে শিলসাঁকোৰ আকাশ- বতাহ মুখৰিত কৰি তোলে স্থানীয় লোকে ৷

Exit mobile version