Pakistan Food Crisis:পাকিস্তানত খাদ্য সংকট : আটাৰ চুৰি প্ৰতিৰোধৰ বাবে জাৰি ১৪৪ ধাৰা

pakisthan

Pakistan Food Crisis:

ADVERTISEMENT

চৰম বিত্তীয় সংকট আৰু ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হোৱা চুবুৰীয়া দেশ পাকিস্তানত সম্প্ৰতি খাদ্যৰ যথেষ্ট অভাৱ ঘটিছে। বিশেষকৈ দেশখনত আটাৰ দৰে নিত্য ব্যৱহাৰ্য খাদ্য দ্ৰব্যৰ নাটনিয়ে দেখা দিয়াত ঘেঁহু আৰু আটাৰ চোৰাং ব্যৱসায় বৃদ্ধি পাইছে।

প্ৰকাশিত বাতৰি অনুসৰি, দেশখনৰ বেলুচিস্তান প্ৰদেশত আটাৰ চুৰি প্ৰতিৰোধ কৰিবলৈ প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিলে। পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বেলুচিস্তানত সৰ্বাধিক পৰিমাণৰ ঘেঁহু উৎপাদন হয়।

যিহেতু পাকিস্তানত সম্প্রতি আটাৰ যোগান হ্ৰাস পাইছে সেয়েহে বেলুচিস্তানৰ প্ৰাদেশিক চৰকাৰে উক্ত ৰাজ্যত উৎপাদিত ঘেঁহু আৰু আটাৰ চোৰাং সৰবৰাহ বন্ধ কৰিবলৈ প্ৰদেশত ১৪৪ ধাৰা জাৰি কৰিলে।

সম্প্ৰতি পাকিস্তানৰ বজাৰত ২০ কিলো আটাৰ পেকেট ২৬০০-৪০০০ টকা মূল্যত বিক্ৰী হৈছে। একেদৰে প্ৰতি কিলো চেনি বেলুচিস্তানত ১৩০-২০০ টকা মূল্যত বিক্ৰী হৈছে।

Exit mobile version