Singapur:ভাৰতীয় মূলৰ থৰ্মনে প্রতিদ্বন্দ্বিতা কৰিব ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত

singapure

Singapur:

ছিংগাপুৰৰ ভাৰতীয় মূলৰ জ্যেষ্ঠ মন্ত্ৰী থৰ্মন ছনমুগৰত্নমে দেশখনত চলিত বৰ্ষত অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

যোৱা নিশা ছনমুগৰত্নমে ৰাষ্ট্ৰপতিৰ আসন্ন নির্বাচনত প্রার্থী হিচাপে থিয় দিয়াৰ সিদ্ধান্তৰ কথা সদৰী কৰিলে। থৰ্মনে ২২ বছৰৰ ৰাজনৈতিক জীৱনৰ পাছত সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি কয় যে তেওঁ শাসকীয় পিপ’লছ একচন পাৰ্টিৰ পৰাও ইস্তফা দিব বিচাৰে।

সক্রিয় ৰাজনীতি ত্যাগ কৰি ছনমুগৰত্নমে ছিংগাপুৰত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত ল’লে। প্ৰকাশিত বাতৰি অনুসৰি, ছিংগাপুৰত অহা ২৩ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

ছনমুগৰত্নমে পূৰ্বে ছিংগাপুৰত উপ-প্রধানমন্ত্রী, বিত্তমন্ত্রী আৰু শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।

Exit mobile version