Brutal Murder In Tinsukia:তিনিচুকীয়াত নৃশংস হত্যাকাণ্ড !

ভূমি বিবাদৰ ভয়ংকৰ পৰিনতি, ঘৰৰ ভিতৰতে পিতা-পুত্ৰক শিৰচ্ছেদ কৰিলে ভতিজাকে

murder

Brutal Murder In Tinsukia:

ৰাজ্যত পুনৰ আন এক লোমহৰ্ষক নৃশংস হত্যাকাণ্ডভূমি বিবাদক কেন্দ্ৰ কৰি ভতিজাকৰ হাতত প্ৰাণ গ’ল পিতা- পুত্ৰৰ ৷ নিজ গৃহতে শিৰচ্ছেদ কৰি অতি নৃশংসভাৱে হত্যা কৰে ভতিজাকে ৷

এই ঘটনা সংঘটিত হয় তিনিচুকীয়া জিলাৰ লংছোৱালৰ ১২ নং আঠাই বস্তিত ৷ হত্যাৰ বলি হোৱা পিতা-পুত্ৰৰ নাম ক্ৰমে সুৰেন মুড়া আৰু বাবলু মুড়া।

আনহাতে জঘন্য হত্যাকাণ্ডৰ সংঘটিত কৰা মূল নায়কজনৰ নাম গধ মুড়া। গধ মুড়া মৃত সুৰেন মুড়াৰ ভতিজা । ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী গধ মুড়া আটক কৰি অব্যাহত ৰাখিছে জেৰা

জেৰাত গধ মুড়াই স্বীকাৰ কৰে যে কেইবাজনো লোকৰ সহযোগত সংঘটিত কৰিছিল এই হত্যাকাণ্ড । ইপিনে এই জঘণ্য ঘটনাক স্থানীয় লোকে তীব্ৰ গৰিহণা দিয়াৰ লগতে গধ মুড়াৰ আন আন সহযোগী সকলোকো শীৰ্ঘেই আটক কৰি কঠোৰ শাস্তিৰ দাবী তোলে ৷

শেহতীয়া খবৰ অনুসৰি নৃশংস হত্যাকাণ্ডৰ পাছৰে পৰা আত্মগোপন কৰি থকা গধ মুড়াৰ আন সহযোগী কেইজনকো গ্ৰেপ্তাৰ কৰিছে ডুমডুমা আৰক্ষীয়ে।

Exit mobile version