Iran:হিজাব পৰিধান নকৰা মহিলাৰ বিৰুদ্ধে অধিক কঠোৰ হ’ল ইৰান চৰকাৰ

iran

Iran:

ইৰান চৰকাৰে দেশজুৰি মহিলাৰ ক্ষেত্ৰত ইছলামিক সাজ পাৰ পৰিধানত নিয়ম অধিক কঠোৰভাৱে বলবৎ কৰিলে। হিজাব পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত বিচৰণ কৰা মহিলাৰ বিৰুদ্ধে এতিয়াৰে পৰা অতি কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে সাজু হৈছে দেশখনৰ চৰকাৰ।

দেশজুৰি হিজাব বিৰোধী আন্দোলন অব্যাহত থকাৰ সময়তে আকৌ এবাৰ ইৰান চৰকাৰে সকলো মহিলাক ৰাজহুৱা স্থানত হিজাব পৰিধান কৰিবলৈ সকীয়নি দিলে।

হিজাব পৰিধান নকৰা মহিলাক চিনাক্ত কৰাৰ বাবে প্রশাসনে ইতিমধ্যে চিচিটিভি কেমেৰাৰ ব্যৱস্থা কৰিছে । প্ৰশাসনে ঘোষণা কৰা অনুসৰি ৰাজহুৱা স্থানত মহিলাই মূৰৰ চুলি ঢাকি হিজাব পৰিধান কৰাৰ লগতে ঢিলা পোছাক পৰিধান কৰিব লাগিব।

অন্যথা আইন অমান্যকাৰী মহিলাক জৰিমনাৰ লগতে আন শাস্তি নিয়ম অনুসৰি বিহা হ’ব। এগৰাকী মহিলাই হিজাব পৰিধানৰ এই নিয়ম দুবাৰকৈ উলংঘন কৰি ধৰা পৰিলে তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব।

Exit mobile version