Jonali Nath Murder Case:জোনালী নাথৰ হত্যাকাণ্ডৰ ঘটনা

আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে গোচৰ জোনালীৰ স্বামীৰ

igp

Jonali Nath Murder Case:

ৰাজ্যৰ বহুচৰ্চিত গোৱালপাৰা বিজেপিৰ সম্পাদিকা জোনালী নাথৰ হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ মাজতে জোনালী নাথৰ স্বামীয়ে গোচৰ ৰুজু কৰিছে চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে ৷

উল্লেখ্য যে,জোনালী নাথৰ হত্যাকাণ্ডৰ পাছতে ঘটনাটোৰ তদন্তৰ বাবে নিয়োজিত হৈছিল চি আই ডি ৷কিন্ত ঘটনাটোৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিয়ে সোমবাৰে চি আই ডিৰ মহাপৰিদৰ্শক( আইজিপি) দেৱৰাজ উপাধ্যায়ে এক সংবাদমেলত সদৰি কৰি কৈছিল যে, অবৈধ প্ৰেমৰ বাবেই হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছিল ৷

আই জি পি গৰাকীৰ মন্তব্যক পোনচাটেই নাকচ কৰে জোনালীৰ পৰিয়ালে ৷ জোনালীৰ স্বামীয়ে এইয়া কাণ্ডজ্ঞানহীন মন্তব্য বুলি উল্লেখ কৰে ৷ হত্যাকাণ্ড ঘটনাটোৰ গভীৰতালৈ নোযোৱাকৈয়ে আৰক্ষীয়ে পুনৰ হত্যা কৰিলে বুলি কটু সমালোচনা কৰে সচেতন মহলে ৷

আনহাতে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ক্ষেত্ৰত তদন্ত ক্ষেত্ৰত চিআই ডি আজি পৰ্যন্ত কিয় নিৰৱ বুলিও কটাক্ষ কৰে বহুজনে ৷

ইপিনে জোনালী নাথৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ে কোনো উপযুক্ত প্ৰমাণ পোহৰলৈ ননাকৈয়ে  চৰিত্ৰ হনন দৰে অপৈণত মন্তব্যৰ বিৰুদ্ধে মাটিয়া আৰক্ষী থানাত গোচৰ তৰে জোনালীৰ স্বামী চন্দ্ৰ কুমাৰ নাথে ৷

জোনালীৰ পৰিয়ালটোৱে জোনালী নাথৰ চৰিত্ৰত তিলমানো সন্দেহৰ অৱকাশ নাই বুলি মন্তব্য কৰি আই জি পি গৰাকীৰ বক্তব্যই পৰিয়ালটোৰ মান সন্মান হানি কৰাৰ লগতে দুই জীয়ৰীৰ ভৱিষ্যত নষ্ট হ’ব বুলিও আশংকা কৰিছে ৷ এজাহাৰৰ যোগেদিয়েই পৰিয়াল আৰু ৰাইজৰ ওচৰত শীঘ্ৰেই আৰক্ষী বিষয়া দেৱৰাজ উপাধ্যায়ে ক্ষমা খোজাৰো দাবী জনাইছে জোনালী নাথৰ পৰিয়ালে ।

আনহাতে এনে বিতৰ্কৰ মাজতে আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে গোৱালপাৰাত উপস্থিত হৈ সমগ্ৰ ঘটনাটোৰ বুজ লোৱাৰ কথা ৷

জোনালী নাথ হত্যাকাণ্ডৰ সম্পৰ্কত চি বি আই তদন্তৰ দাবী কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই ৷ উল্লেখ্য যে গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা তথা মাটিয়া গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ জোনালী নাথক হত্যা কৰি কৃষ্ণাইৰ শালপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মৃতদেহ পেলাই থোৱা অৱস্থাত উদ্ধাৰ কৰে স্থানীয় লোকে ৷

পাছত আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত কৰি হত্যাৰ স’তে জড়িত থকাৰ অভিযোগত আটক কৰে হত্যাকাৰী হাছানুৰ ইছলামক ৷ ইতিমধ্যে আৰক্ষীৰ জেৰাত ধৃত হাছানুৰে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে ৷

Exit mobile version