Samaguri girl electrocuted বিদ্যুতস্পৃষ্ট হৈ কিশোৰীৰ মৃত্যু চামগুৰি ডিজুবস্তিত

ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ উত্তেজিত লোকৰ

sanaguri

Samaguri girl electrocuted বিদ্যুতস্পৃষ্ট হৈ কিশোৰীৰ মৃত্যু চামগুৰি ডিজুবস্তিত

: নগাঁও জিলাৰ চামগুৰিৰ ডিজু বস্তিত আজি দুপৰীয়া এগৰাকী এঘাৰ বছৰীয়া কিশোৰীৰ বিদ্যুতস্পৃষ্ট হৈ কৰুণ মৃত্যু ঘটে। দুৰ্ভাগ্যজনক ভাবে অকাল মৃত্যুক সাৱটি ল’ব লগীয়া কিশোৰী গৰাকী ডিজুবস্তি নিবাসী প্ৰয়াত উমেশ ভুমিজ আৰু মাতৃ লক্ষ্মী ভুমিজৰ কন্যা জোনালী ভুমিজ। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ গাফিলতিৰ বাবে ফুলকুমলীয়া শিশুটিৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে।

২২০ ভল্টৰ বিদ্যুত পৰিবাহী তাঁৰ ছিঙি মাটিত পৰি থকা অৱস্থাত কিশোৰী গৰাকীৰ দেহত বিদ্যুতস্পৃষ্ট হৈ দুৰ্ভাগ্যজনক ঘটনাটো ঘটে।

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ চামগুৰি উপ-সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবেই আজিৰ ঘটনাটো ঘটিবলৈ পালে। বিদ্যুত পৰিবহনৰ বিজুতিৰ খৱৰ দিলেও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে

এপিডিচিএলৰ চামগুৰিৰ উপ-সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে । কিশোৰী গৰাকী বিদ্যুতস্পৃষ্ট হৈ নিহত হোৱাৰ পাছত চামগুৰিস্থ এপিডিচিএলৰ বিষয়া কৰ্মচাৰীক খৱৰ দিয়া সত্বেও ঘটনাস্থলীত উপস্থিত নোহোৱাত স্থানীয় লোক উত্তেজিত হৈ ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। পৰৱৰ্তী সময়ত চামগুৰি থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ণ্ত্ৰন কৰি ঘাইপথটো মুকলি কৰে।

আৰক্ষীয়ে কিশোৰী গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জোনালী ভুমিজ ডিজু বস্তি প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী আছিল। নিহত কিশোৰী গৰাকীৰ মাতৃ লক্ষ্মী ভুমিজে দিন হাজিৰা কৰি পোহপাল দিয়া পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিবলৈ স্থানীয় লোকে দাবী জনাইছে।

 

 

Exit mobile version