Baihata Artificial Flood: বাইহাটা চাৰিআলিত জলবন্দী অৰ্ধ শতাধিক পৰিয়াল

baihata

Baihata Artificial Flood: বাইহাটা চাৰিআলিত জলবন্দী অৰ্ধ শতাধিক পৰিয়াল

বাইহাটা চাৰিআলিৰ ভিন্ন অঞ্চলত কৃটিম বানপানী

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনৰ বাবে জলবন্দী অৰ্ধ শতাধিক পৰিয়াল ।

31নং ৰাষ্ট্ৰীয় ঘাইপথৰ বহল কৰিব গৈ কৰা অদুৰদৰ্শী কামৰ বাবে জীয়াতু ভুগিছে কামৰূপ জিলাৰ ডোৰাকহৰাৰ এই সকল লোকে । এজাক বৰষুণ দিলে ঘৰৰ ভিতৰত হয় এক আঠু পানী

মটৰ চলাই পানী সিছি নিশা পাৰ কৰে ডোৰাকহৰাৰ ৰাইজে । এফালে ৰাষ্ট্ৰীয় ঘাই পথৰ নিৰ্মান কাৰ্য আৰু আনফালে বহিৰাগত বনিক গোষ্ঠীৰ উদ্যোগ নিৰ্মান কাৰ্যৰ বাবে জীয়াতু ভূগিব লগীয়া হৈছে ৰাইজে ।

দেউদুৱাৰত নিৰ্মাণ কৰা উদ্যোগ সমুহে পানী ওলাই যাব পৰা ব্যৱস্থা নকৰাৰ বাবে এনেদৰে এজাক বৰষুন দিলেই ঘৰৰ ভিতৰত পানী সোমায়। উদ্যোগ কৰ্তৃপক্ষক বহু কাকূতি মিনতি কৰাৰ পিছতো কাণসাৰ নাই।

এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু অপৰিকল্পীত ভাবে নিৰ্মাণ কৰা উদ্যোগ সমুহৰ বাবে জীয়াতু ভুগিব লগিয়া হৈছে সৰ্বসাধাৰণ ৰাইজ।

Exit mobile version