Delimitation of assam Constituency: নিউ গুৱাহাটী সমষ্টিৰ সীমা

WhatsApp Image 2023 06 22 at 19.46.36

Delimitation of assam Constituency: নিউ গুৱাহাটী সমষ্টিৰ সীমা

কামৰূপ মহানগৰ জিলাত নতুনকৈ সৃষ্টি কৰা নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহ হ’ল ক্ৰমে বাৰ্ড নম্বৰ ৩৩, ৩৪, ৩৫, ৩৬, ৩৭,৩৮, ৩৯, ৪০, ৪১, ৪২, ৪৪, ৪৫, ৪৭, ৪৮, ৫০, ৫১ আৰু ৫৩। অর্থাৎ নতুন সমষ্টিটোৰ অংশ হ’ব ক্ৰমে ৩৩ নম্বৰ ৱাৰ্ডৰ খাৰঘূলি, নবগ্রহ মন্দিৰ, চেনিকুঠি আৰু হেদায়ৎপুৰ।

৩৪ নম্বৰ ৱাৰ্ডৰ অংশসমূহ হ’ল খাৰঘুলি, জয়পুৰ, নিজৰাপাৰ, নৱগ্রহ শ্মশান অঞ্চল। ৩৫ নম্বৰ ৱাৰ্ডৰ অংশসমূহ হ’ল চান্দমানি, মিলনপুৰ, কৃষ্ণপুৰ আৰু নিজৰাপাৰ। ৩৬ নম্বৰ বাৰ্ডৰ অংশসমূহ হ’ল ৰাজগড়, পূব শৰণীয়া, লাচিত নগৰ, দক্ষিণ শৰণীয়া, গান্ধীরস্তি আৰু ইছলামপুৰ।

৩৭ নম্বৰ ৱাৰ্ডৰ অংশসমূহ হ’ল ৰাধাগোবিন্দ বৰুৱা পথ আৰু ৰাজগড় লিংক রোড। ৩৮ নম্বৰ ৱাৰ্ডৰ অংশসমূহ হ’ল অনিল নগৰ আৰু নবীন নগৰ। ৩ নম্বৰ বাৰ্ডৰ অংশসমূহ হ’ল ভঙাগড়, গণেশগুৰি আৰু ৰাধাগোবিন্দ পথৰ কিছু অংশ।

৪০ নম্বৰ ৱাৰ্ডৰ অংশসমূহ হ’ল মেডিকেল কলেজৰ কিছু অংশ, খ্রীষ্টানবৃত্তি, উদয়াচল, গণেশগুৰি আৰু কাহিলিপাৰা তথা জটীয়াৰ কিছু অংশ।

৪১ নম্বৰ ৱাৰ্ডৰ অংশসমূহ হ’ল জটীয়া কাহিলিপাৰা, দক্ষিণগাঁও, হাতীগাঁও আৰু বশিষ্টপুন। ৪২ নম্বৰ বাৰ্ডৰ অংশসমূহ হ’ল বসলাইন কিছু অংশ, হাতীগাঁৱৰ কিছু অংশ, নটৰমাৰ কিছু অংশ আৰু মথাউৰিৰ কিছু অংশ।

৪৪ নম্বৰ ৱাৰ্ডৰ অংশসমূহ হ’ল বশিষ্টৰ কিছু অংশ, ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ, বৰপথাৰ, গণেশ নগৰৰ কিছু অংশ।

৪৫ নম্বৰ ৱাৰ্ডৰ অংশসমূহ হ’ল মৈদাম অঞ্চলৰ কিছু অংশ, খানাপাৰাৰ কিছু অংশ, বাক্ৰাপাৰাৰ কিছু অংশ, ৪৭ নম্বৰ ৱাৰ্ডৰ অংশসমূহ হ’ল বেলতলাৰ কিছু অংশ, বনগাঁও আৰু হাতীগাঁও অঞ্চল।

৪৮ নম্বৰ ৱাৰ্ডৰ অংশসমূহ হ’ল ৰুক্মিণীগাঁৱৰ কিছু অংশ, জিগ্ৰছ ৰোডৰ কিছু অংশ আৰু ৰাজধানী চৌহদ।

৫০ নম্বৰ ৱাৰ্ডৰ অংশটো হ’ল আপৰিগোগ। ১ নম্বৰ ৱাৰ্ডৰ অংশটো হ’ল হোডেবাবাৰী আৰু ৫৩ নম্বৰ বাৰ্ডৰ অংশসমূহ হ’ল ক্ৰমে মঠঘৰীয়া, কুশল নগৰ অঞ্চল আৰু হেডেৰাবাৰী অঞ্চলৰ কিছু অংশ।

Exit mobile version