Delimitation of Dispur LAC: দিছপুৰ সমষ্টিৰ নতুন পৰিসীমা

WhatsApp Image 2023 06 22 at 19.06.33

Delimitation of Dispur LAC: দিছপুৰ সমষ্টিৰ নতুন পৰিসীমা

কামৰূপ মহানগৰ জিলাত নির্বাচন আয়োগে সম্প্ৰসাৰিত আৰু পুনৰ গঠন প্ৰক্ৰিয়াৰে গঠন কৰা পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম দিছপুৰ বিধানসভা সমষ্টিত অন্তর্ভুক্ত কৰা হৈছে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড ক্ৰমে ১৬, ১৭, ২২, ২৪, ২৫, ৪৩, ৫৪, ৫৫, ৫৬, ৫৭, ৫৮, ৫৯ আৰু ৬০।

গুৱাহাটী পৌৰ নিগমে চিহ্নিত কৰা ৱাৰ্ডসমূহৰ পৰিসীমাসমূহ পর্যবেক্ষণ কৰিলে স্পষ্ট হয় যে দিছপুৰ বিধানসভা সমষ্টিটো কার্যতঃ ৫০ শতাংশ হাৰত নতুনকৈ সীমা নির্ধাৰণ কৰা হৈছে।

নির্বাচন আযোগে কালি প্ৰকাশ কৰা মতে, দিছপুৰ সমষ্টিৰ অন্তৰ্গত ১৬ নম্বৰ বাৰ্ড পৰিবেষ্টিত অঞ্চলসমূহ হ’ল ক্ৰমে পুৰণা কাৰাগাৰ চৌহদ, শ্রীদিগম্বর জৈন মন্দিৰ, জিএমটি মার্কেট কমপ্লেক্স আৰু বিশ্ববত্ন হোটেল অঞ্চল। বার্ড নম্বৰ ১৭ অঞ্চলসমূহ হ’ল পাণবজাৰ আৰু লাখটকীয়া অঞ্চল।

ৱাৰ্ড নম্বৰ ২২ৰ অঞ্চলসমূহ হ’ল জ্যোতিকুছিৰ কিছু অংশ, ধপলীয়া অঞ্চল, শংকৰনগৰ অঞ্চল, ৰামনগৰ আৰু এডালবাকাৰ কিছু অংশ। বাৰ্ড নম্বৰ ২৪ৰ অংশসমূহ হ’ল ক্ৰমে লখবা, গড়ভাঙা, সৰুসজাই, বনসাই, সাওকুছি আৰু দক্ষিণগাঁৱৰ কিছু অংশ।

আকৌ ২৬ নম্বৰ ৱাৰ্ডৰ অংশসমূহ হ’ল কাহিলিপাৰাৰ কিছু অংশ, লুটুমা, বিনোৱা নগৰ অঞ্চল, রিফিউজি কলনী, নৰকাসুৰ অঞ্চল আৰু চাইকেল ফেক্টৰীৰ কিছু অংশ। ৪৩ নম্বৰ বাৰ্ডৰ অংশসমূহৰ হ’ল সৰুসজাই, বসজাই, সাওকুছিৰ কিছু অংশ আৰু নালাপাৰা অঞ্চল।

বার্ড নম্বৰ ৫৪ৰ অংশসমূহ হ’ল চান্দমাৰি, মিলনপুৰ আৰু কৃষ্ণনগৰৰ কিছু অংশ। ৫৫ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত অঞ্চলসমূহ হ’ল নুনমাটি, জ্যোতিনগৰ, চূণচালি অঞ্চল, বামুণীমৈদাম আৰু আনন্দ নগৰ।

৫৬ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত অঞ্চলসমূহ হ’ল ভৱানীপুৰ, দুই নম্বৰ শালবাৰী, ছেক্টৰ তিনি আৰু নিউ গুৱাহাটী। ৫৭ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত অঞ্চলসমূহ হ’ল নুনমাটি শোধনাগাৰ, এক নম্বৰ শালবাৰী, গোপালনগৰ, ছহিদ নগৰ আৰু কেন্দুগুৰি।

৫৮ নম্বৰ বাৰ্ডৰ অন্তৰ্গত অঞ্চলসমূহ হ’ল বীৰকুছি, কলিতাকুছি (অংশ), সাতগাঁও আৰু নাৰেংগী হাউছিং কলনী। ৫৯ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত অঞ্চলসমূহ হ’ল বাঘৰবৰীৰ কিছু অংশ, সাতগাঁৱৰ কিছু অংশ, হেডেৰাবাৰীৰ কিছু অংশ, দ্বাৰান্ধাৰ কিছু অংশ আৰু জুৰিপাৰৰ কিছু অংশ।

Exit mobile version