Politics bye bye: বিদায় ৰাজনীতি !

সংক্ষণেও বিপদ মাতিলে বহু বিধায়কলৈ

IMG 20230623 183118 scaled

Politics bye bye: বিদায় ৰাজনীতি,!

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনক লৈ অব্যাহত থকা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজত পোৱা-নোপোৱাৰ হিচাপ-নিকাচৰ দিশটো অতি লক্ষ্যণীয় হৈ পৰিছে।

একাংশ নেতাৰ বাবে খচৰাখনে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে আৰু আন একাংশৰ নিৰ্বাচনী ৰাজনৈতিক জীৱনেই ইতি পেলোৱাৰ উপক্রম ঘটাইছে। ইয়াৰ ভিতৰত ৰাজনৈতিক ‘কেৰিয়াৰ’ শেষ হ’ব পৰা দিশটো বিশেষভাৱে উল্লেখযোগ্য হৈ পৰিছে।

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনক লৈ অব্যাহত থকা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজত পোৱা-নোপোৱাৰ হিচাপ-নিকাচৰ দিশটো অতি লক্ষ্যণীয় হৈ পৰিছে।

একাংশ নেতাৰ বাবে খচৰাখনে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে আৰু আন একাংশৰ নিৰ্বাচনী ৰাজনৈতিক জীৱনেই ইতি পেলোৱাৰ উপক্রম ঘটাইছে। ইয়াৰ ভিতৰত ৰাজনৈতিক ‘কেৰিয়াৰ’ শেষ হ’ব পৰা দিশটো বিশেষভাৱে উল্লেখযোগ্য হৈ পৰিছে।

বকো সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। খচৰাত সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰা হৈছে।

ইয়াৰ ফলত সমষ্টিটোৰ বিধায়িকা নন্দিতা দাসৰ ৰাজনৈতিক ভৱিষ্যৎ ‘দৈনিক অগ্রদূত’ক কয় যে এই সময়ত তেওঁ বিকল্পৰ কথা অনিশ্চয়তাত সোমাই পৰিছে।

এই সন্দৰ্ভত বিধায়িকাগৰাকীয়ে ভাবিব পৰা নাই; কিন্তু এই কথাটো ঠিক যে অতি পৰিকল্পিতভাৱে বকোৰ সংৰক্ষণ নীতি সলনিৰ কৌশল লোৱা হৈছে।

দাসে কয়, ‘কামৰূপত এটা নতুন সমষ্টি গঠনৰ প্ৰস্তাৱ কৰা হৈছে। ছমৰীয়া নামৰ এই সমষ্টিটো গঠনৰ বিশেষ উদ্দেশ্য হয়তো আগন্তুক দিনত স্পষ্ট হ’ব।

মুখ্যমন্ত্ৰীয়ে নিজৰ ভৱিষ্যৎ ৰাজনৈতিক অংকৰে সমষ্টিটো সৃষ্টি কৰিছে বুলি ৰাইজৰ মাজত চৰ্চা চলিছে। বকোৰ ওপৰত হাত দিয়াৰ কিবা প্ৰয়োজন আছিল বুলি আমি নাভাবো। ৰাইজেও সেই কথাই কৈছে।’

বিকল্পহীন হোৱা আন এজন নেতা হ’ল প্ৰদীপ হাজৰিকা। আমগুৰিৰ অগপৰ বিধায়ক হাজৰিকাৰ সমষ্টিটো খচৰাত বিলোপ কৰা হৈছে। হাজৰিকাৰ লগতে কংগ্ৰেছৰ অংকিতা দত্তৰ ৰাজনৈতিক ভবিষ্যতো খচৰাই প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি দিলে ।

দুয়োরে সেয়েহে খচৰাখনক লৈ ভীষণ অসন্তুষ্ট। বিধায়ক হাজৰিকাই হিচাপ-নিকাচ নকৰাকৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সৰৱ হৈছে। হাজৰিকাৰ হাতত এই সময়ত কোনো বিকল্প সমষ্টিও নাই।

জনীয়া সমষ্টিটো খচৰাত বিলোপ কৰা হৈছে। ইয়াৰ ফলত সমষ্টিটোৰ এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামৰ ৰাজনৈতিক ভৱিষ্যতো অনিশ্চয়তাত সোমাই পৰিল।

জনীয়াৰ ঠাইত ৰূপসী নামৰ নতুন সমষ্টি এটা খচৰাত গঠন কৰা হৈছে। জনীয়া সমষ্টিৰ খুব বেছি ৩০ শতাংশ অঞ্চলহে ৰূপসীৰ অন্তৰ্ভুক্ত হৈছে। গতিকে ইছলামৰ বাবেও নতুন সমষ্টিলৈ ঢাপলি মেলাটো কঠিন হ’ব।

অসম প্রদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুয়েইন সিকদাৰে তেওঁ প্রতিনিধিত্ব কৰা সৰুক্ষেত্ৰী সমষ্টিটো খচৰাত বিলোপ কৰাক লৈ ৰাইজৰ লগত ঐক্যবদ্ধ আন্দোলনৰ হুংকাৰ দিছে।

ইয়াৰ এটা অন্যতম কাৰণ খচৰাখন কাৰ্যকৰী হ’লে সিকদাৰ সমষ্টিহীন হ’ব। কিয়নো খচৰাত সৰুক্ষেত্ৰী সমষ্টিটোক যণ্ড-বিখণ্ড কৰি পাঁচটা সমষ্টিত ভগাই দিয়া হৈছে।

সেই অনুসৰি, সবক্ষেত্ৰীৰ অংশ সোমাৰ টিহু, বৰপেটা, চেঙা, বজালী আৰু ৰূপসীত। ইয়াৰে কোনোবাটোলৈ নিৰ্বাচন খেলিবৰ বাবে ঢাপলি মেলাতো সিকদাৰৰ বাবে অন্ততঃ এই সময়ত মুঠেই সম্ভৱ নহয়।

সমষ্টিবিহীন হ’ব বিজেপিৰ সুমন হৰিপ্ৰিয়া। বিধায়িকাগৰাকীয়ে প্ৰতিনিধিত্ব কৰা হাজো সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে। ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, হাজোক লৈ নির্বাচন আয়োগে গ্ৰহণ কৰা প্ৰস্তাবত ভীষণভাবে ক্ষু হৰিপ্ৰিয়া। বিকল্প বুলিবলৈও তেওঁৰ হাতত আন সমষ্টি নাই। হাজোত যোৱা নিৰ্বাচনত তেওঁক একপ্ৰকাৰ জোৰকৈয়ে বিজেপিয়ে প্রার্থিত্ব দিছিল।

হাজোত ইয়াকে লৈ হোৱা দলত বিৰোধ হৈছিল। এইবাৰ সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰি বিধায়িকাগৰাকীয়ে পুনৰ প্রার্থিত্ব লাভৰ মুদাই মাৰিলে। হাজোক লৈ বহুতে সপোন দেখি আহিছিল। হাজোৰ পৰা নিৰ্বাচন খেলাৰ অংক কৰিয়েই কংগ্ৰেছ ত্যাগ কৰি অসম তৃণমূল কংগ্ৰেছত যোগ দি দলৰ সংবাদ কোষৰ দায়িত্ব পালন কৰি আছে দিলীপ শৰ্মাই।

শৰ্মাৰো হিচাপ-নিকাচ খচৰাখনে তচনচ কৰি দিলে। একেদৰে অসম জাতীয় পৰিষদৰ দুলু আহমেদৰো ৰাজনৈতিক কেৰিয়াৰ হাজোত অন্ততঃ শেষ।

বৰপেটা বিধানসভা সমষ্টিটো খচৰাত অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে। ইয়াৰ ফলত বৰ্তমানৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ ৰাজনৈতিক কেৰিয়াৰত বাধা অহাটো নিশ্চিত হৈছে। সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু) দীর্ঘদিন নেতৃত্ব দি যোৱা বিধানসভা নিৰ্বাচনৰ জৰিয়তে নির্বাচনী ৰাজনীতিত ভৰি দিছিল আহমেদে। খচৰাখনত কৰা প্ৰস্তাৱৰ ফলত আহমেদে বিকল্প সমষ্টি বিচাৰি পোৱা টান বুলি ঘনিষ্ঠ সূত্ৰত প্রকাশ।

একেদৰে দুবাৰ সমষ্টিটোক প্রতিনিধিত্ব কৰা অসম গণ পৰিষদৰ গুণীন্দ্ৰ নাথ দাসেও আৰু প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ নাপায়। বিকল্প সমষ্টিও নাই। সেয়েহে খচৰাখনকে মানি ল’বলৈ বাধ্য হোৱা বুলি দাসে।

Exit mobile version