Syndicate:কাৰ নিৰ্দেশত চোৰাং কাঠৰ ছিণ্ডিকেট ?

timber

Syndicate:

ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা বুলি ঘোষণা কৰা ৰাজ্য চৰকাৰৰ কাৰ্যকালত শাসকীয় বিজেপি বিধায়কৰ পৃষ্ঠপোষকতাতে চোৰাং কাঠৰ বৃহৎ ছিণ্ডিকেট চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শদিয়াৰ বিজেপি বিধায়ক বলিন চেতিয়াৰ পৃষ্ঠপোষকতাত বৰপেটাৰ গোবিন সৰকাৰে চলাই আহিছে কাঠৰ বৃহৎ ছিণ্ডিকেট।

ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনে খেদি খেদি চোৰাং কাঠভর্তি ট্রাক জব্দ কৰাৰ পাছত এই ছিণ্ডিকেটৰ ন ন তথ্য পোহৰলৈ আহিছে। অৰুণাচলৰ পৰা অহা চোৰাং কাঠভর্তি ট্রাক তিনিচুকীয়াৰ শদিয়া, কাকপথাৰ আৰু ডিগবৈবে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰা হয়। লাখ লাখ টকাৰ কৰ ফাকিৰে এই কাঠভর্তি ট্রাকসমূহ নগাঁৱকে ধৰি নলবাৰী, বৰপেটা আদিলৈ সৰবৰাহ কৰা হয়।

ৰাজনৈতিক আশিসধন্য গোবিন সৰকাৰ বাহিনীক প্ৰতিখন ট্রাকে লক্ষাধিক টকাৰ গুণ্ডাকৰ আদায় নিদিলে অসমত প্ৰৱেশ কৰিব নোৱাৰে বুলি অভিযোগ কৰিছে। কোনো ব্যবসায়ীয়ে সৰকাৰ বাহিনীক এই গুণ্ডাকৰ আদায় নিদি কাঠভর্তি ট্রাকসমূহ যদিহে অসমত প্রৱেশ কৰোৱা হয় তেতিয়া সেই ট্রাক আৰক্ষী আৰু বন বিভাগৰ দ্বাৰা সৰকাৰ বাহিনীয়ে ৰাজনৈতিক প্রভাব খটুৱাই জব্দ কৰাৰ অভিযোগ আছে।

এই ছিণ্ডিকেটত গোবিন সৰকাৰৰ উপৰি বিজেপি নেতা জিতু দাস আৰু নলবাৰীৰ ৰাজীৱ ডেকা জড়িত থকাৰ অভিযোগ উঠিছে। এই ছিণ্ডিকেট বাহিনীৰ প্ৰতিখন জিলাতে এজেণ্ট আছে আৰু এই এজেন্টসকলে নির্দিষ্ট গুণ্ডাকৰ সংগ্ৰহ কৰি গোবিন সৰকাৰ বাহিনীক প্ৰদান কৰে। উল্লেখ্য যে প্ৰতিটো নিশাই তিনিচুকীয়াৰ মাজেৰে শতাধিক চোৰাং কাঠভৰ্তি ট্ৰাক ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আহিছে যদিও বন বিভাগ বাদেই স্মাৰ্ট আৰক্ষীৰ চকুত নপৰা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে।

ইফালে, ডিগবৈৰ ৰাজপথত বিজেপি বিধায়ক ফুকনে খেদি খেদি চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ কৰা ঘটনাই অৰুণাচলী কাঠক কেন্দ্ৰ কৰি সৰকাৰ বাহিনীয়ে চলাই থকা বৃহৎ ছিণ্ডিকেটৰ বিষয়টো পোহৰলৈ আনে।

আৰক্ষী, বন বিভাগে কৰিব নোৱৰা কাম বিধায়কে কৰাৰ পাছতে দীৰ্ঘদিন ধৰি অব্যাহত থকা এই ছিণ্ডিকেটৰ ন ন তথ্য সম্প্ৰতি পোহৰলৈ আহিছে। উল্লেখ্য যে স্বয়ং বিজেপি বিধায়কৰ পৃষ্ঠপোষতাত গঢ় লৈ উঠাৰ অভিযোগ থকা এই ছিণ্ডিকেট বাহিনীত বিজেপিৰ নেতা-পালিনেতা জড়িত থকাৰ অভিযোগ উঠিছে।

অৰুণাচলী কাঠভর্তি ট্রাক তিনিচুকীয়াৰ তিনিটা দিশৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰলৈ গোবিন সৰকাৰ বাহিনীৰ নামত সৰবৰাহ হৈ আহিছে। অভিযোগ অনুসৰি শদিয়াৰ দিশত সৰকাৰ বাহিনীৰ হৈ কাঠভৰ্তি ট্ৰাকসমূহৰ পৰা গুণ্ডাকৰ সংগ্ৰহ কৰে চেপাখোৱা পৌৰসভাৰ উপ-পৌৰপতি তথা শদিয়াৰ বিধায়ক চেতিয়াৰ ঘনিষ্ঠ বিপিন গগৈয়ে।

একেদৰে কাকপথাৰ দিশত এই গুণ্ডাকৰ বিজেপি নেতা তথা বিধায়ক চেতিয়াৰ ঘনিষ্ঠ বলীন হাতীবৰুৱা আৰু প্ৰশান্ত হাজৰিকাই সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। ইয়াৰ উপৰি ডিগবৈ পথত মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা তথা বিজেপি নেতা অৰুণজ্যোতি মৰাণৰ ঘনিষ্ঠ সত্য মৰাণ আৰু ডিগবৈৰ কাঠ ব্যৱসায়ীৰ পুত্ৰ অমৃত শ্বাহীয়ে এই গুণ্ডাকৰ সংগ্ৰহ কৰাৰ অভিযোগ আছে।

উল্লেখ্য যে সৰকাৰ বাহিনীৰ এই এজেন্টসকলে তিনিচুকীয়াত প্ৰৱেশ কৰিবলগীয়া প্ৰতিখন ট্ৰাকৰ পৰা ৩০ৰ পৰা ৪০ হেজাৰ টকা গুণ্ডাকৰ সংগ্ৰহ কৰে। সামান্তৰালভাৱে তিনিচুকীয়াৰ পৰা কাজিৰঙাৰ বাগৰিলৈ ৪০ হেজাৰ আৰু বাগৰিৰ পৰা গুৱাহাটী-নলবাৰী অভিমুখী প্ৰতিখন ট্ৰাকৰ পৰা ৭০ হেজাৰ টকাৰ গুণ্ডাকৰ সংগ্ৰহ কৰে।

অৰ্থাৎ গুৱাহাটী-বৰপেটা-নলবাৰী অভিমুখী প্ৰতিখন ট্রাকে সৰকাৰ বাহিনীক এক লাখ ২৫ হেজাৰৰ পৰা ডেৰ লাখ টকা পর্যন্ত গুণ্ডাকৰ আদায় দিব লাগে। অভিযোগ অনুসৰি তিনিচুকীয়াৰ উল্লিখিত এজেন্টসকলে এই গুণ্ডাকৰ সংগ্ৰহ কৰি নলবাৰীৰ ৰাজীৱ ডেকা আৰু বিজেপি নেতা জিতু দাসৰ হাতত অৰ্পণ কৰে।

এই গুণ্ডাকৰ সংগ্ৰহ কৰি দিয়াৰ বাবদ প্রতিজন এজেন্টে প্ৰতিখন ট্ৰাকৰ পৰা পাঁচ হেজাৰকৈ টকা লাভ কৰে আৰু এজেণ্টসকলৰ কৰা সংগ্ৰহ কৰা গুণ্ডাকৰ লৈ জিতু আৰু ৰাজীৱে গোবিন সৰকাৰৰ হাতত অৰ্পণ কৰে।

উল্লেখ্য যে তিনিচুকীয়াৰ মাজৰে দৈনিক শতাধিক চোৰাং কাঠভর্তি ট্রাক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰলৈ সৰবৰাহ হয় আৰু এই ছিণ্ডিকেট বাহিনীয়ে দৈনিক কোটি টকা গুণ্ডাকৰ সংগ্ৰহ কৰি অহাৰ অভিযোগ উঠিছে।

ইয়াৰ পাছতে সংশ্লিষ্ট জিলা আৰক্ষী তথা বন বিভাগে এই ছিণ্ডিকেটৰ বিৰুদ্ধে নৰম স্থিতি গ্ৰহণ কৰা ঘটনাই বহু প্ৰশ্নৰ উদ্রেক ঘটাইছে।

Exit mobile version