Guwahati Press Club:দৈনিক জনমভূমিৰ সাংবাদিক দেৱাশিস প্ৰতাপ হাজৰিকাক দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহণা

শীঘ্ৰে দোষীক কৰায়ত্ত কৰাৰ দাবী

gpc

Guwahati Press Club:

দৈনিক জনমভূমিৰ সাংবাদিক দেৱাশিস প্ৰতাপ হাজৰিকাক কালি নিশা প্ৰায় ১২ বজাত কৰ্তব্য সমাপন কৰি ঘৰলৈ গৈ থকা অৱস্থাত খ্ৰীষ্টানবস্তিৰ আৰ্যভট্ট জুনিয়ৰ কলেজৰ সমীপত নিচাসক্ত দুজন যুৱকে অতৰ্কিতে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিয়ে৷ এক বিবৃতিত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কয় যে মহানগৰীত বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত পুৰুষ-মহিলা সংবাদ কৰ্মীসকলে কৰ্তব্য সমাপন কৰি নিশা ঘৰলৈ আহোতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক৷ দৈনিক জনমভূমিৰ সাংবাদিক দেৱাশিস প্ৰতাপ হাজৰিকাই কালি কৰ্তব্য সমাপন কৰি নিশা ঘৰলৈ যাওঁতে দুগৰাকী ক’লা ইউনিফৰ্ম পিন্ধা নিচাসক্ত যুৱকে কৰা আক্ৰমণত মুখমণ্ডলত গুৰুতৰভাৱে আঘাত পায় ৷ কিন্তু নিশাই দিছপুৰ থানাক অৱগত কৰাৰ পাছতো এতিয়ালৈকে দোষীক কৰায়ত্ত কৰিব নোৱৰাটো উদ্বেগৰ বিষয়৷ এই দুষ্কৰ্মৰ লগত জড়িত দুৰ্বৃত্তক শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ লগতে ভৱিষ্যতলৈ সংবাদ কৰ্মীৰ নিৰাপত্তাৰ দিশটোত গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনায়৷

Exit mobile version