Azara Pepsi Company:আজাৰাৰ পেপছিক’ কোম্পানীত অঘটন

কৰ্মৰত অৱস্থাত মৃত্যু শ্রমিকৰ, শ্রমিকজনৰ মৃত্যুক লৈ কোম্পানীটোত উত্তপ্ত পৰিস্থিতি

azara

Azara Pepsi Company:

পুনৰ কৰ্মৰত অৱস্থাতে মৃত্যু হ’ল এজন শ্ৰমিকৰ ৷ এইবাৰ ঘটনাৰ স্থান গুৱাহাটী মহানগৰীৰ পাশ্বৱৰ্তী আজাৰাস্হ পেপছিক’ কোম্পানীত ৷

কোম্পানীটোত কৰ্মৰত হৈ থকা প্ৰণৱজ্যোতি হাজৰিকা নামৰ ১৩ বছৰীয়া কিশোৰ শ্ৰমিকজনৰ আজি হঠাতে মৃত্যু হয়। যাক লৈ কোম্পানীটোৰ চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

প্ৰাপ্ত তথ্য অনুসৰি কোম্পানীটোৱে শ্ৰমিক প্ৰণৱজ্যোতিৰ মৃত্যুৰ ঘটনাটোক গাপ দিবলৈ চেষ্টা কৰিছিল যদিও যদিও আন শ্ৰমিক আৰু স্থানীয় লোক সকলে এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে ।

মনকৰিবলগীয়া যে, ১৩ বছৰীয়া কিশোৰ প্ৰণৱজ্যোতিক প্ৰতিষ্ঠানটোৱে শ্ৰমিক হিচাপে কিদৰে নিয়োগ কৰিলে তাক লৈ উদ্থাপিত হৈছে গুৰুত্বৰ অভিযোগ ৷ শিশু শ্ৰমিক নিয়োজিত কৰাত আইনগতভাৱে বাধা থকাৰ পাছতো কোম্পানীটোৱে চৰকাৰী নিয়মক এক প্ৰকাৰ বুঢ়া আঙুলি দেখুৱাই শিশু শ্ৰমিক নিয়োজিত কৰি আহিছে ৷

ঘটনা অনুসৰি আজি পুৱা প্ৰায় আঠ বজাত ফেক্টৰীত কাম কৰিবলৈ যোৱা প্ৰণৱৰ প্ৰায় ১০ বজাত আকস্মিকভাৱে মৃত্যু হয়। এই বিষয়ে ফেক্টৰীটোত কৰ্মৰত আন শ্ৰমিকসকলে মেনেজাৰক অৱগত কৰাত ৰহস্যজনকভাৱে বিষয়টো গাপ দিয়াৰ প্ৰয়াস কৰে ৷ ইয়াৰ পাছতে শ্ৰমিক আৰু স্থানীয়লোক কোম্পানীৰ চৌহদত প্ৰতিবাদমুখৰ হৈ পৰে ৷ এনে পৰিস্থিতিৰ মাজতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে,ইয়াৰ পূৰ্বেও কোম্পানীটোত এনে ধৰণৰ বহু ঘটনা ঘটি থকাৰ অভিযোগ উদ্থাপন কৰে কোম্পানীটোত নিয়োজিত শ্ৰমিকসকলে৷

Exit mobile version