China- TaiwanConflict:পুনৰ ৰণহুংকাৰ চীনৰ !

টাইৱানত উপস্থিত চীনৰ ২৬ যুঁজাৰু জেট-সাত ছাবমেৰিন

china

China- TaiwanConflict:

চীন-টাইৱানৰ মাজত সংঘাত পুনৰ বৃদ্ধি পালে। শুক্ৰবাৰে হঠাতে চীনে টাইৱান অভিমুখে প্ৰেৰণ কৰিলে কমেও ৩০০ যুঁজাৰু জেট বিমান আৰু একাধিক ছাবমেৰিন।

‘টাইৱান টাইমছ’ৰ বাতৰিত উল্লেখ কৰা অনুসৰি, টাইৱানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্রণালয়ে বিগত দুদিনত অঞ্চলটোত চীনৰ ২৬ খন যুঁজাৰু বিমান আৰু সাতখন নৌ বাহিনীৰ জাহাজ টাইৱান প্ৰণালীত বিচৰণ কৰাৰ প্ৰমাণ লাভ কৰিলে।

টাইৱানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্রণালয়ে লগতে অভিযোগ কৰি কয় যে চীনে ধাৰাবাহিকভাৱে টাইৱান প্ৰণালীত সেনাক সক্ৰিয় কৰি দ্বীপ ৰাষ্ট্ৰখনক ভীতি প্ৰদৰ্শন কৰি আহিছে।

শেহতীয়াভাৱে আকৌ এবাৰ চীনৰ পিপলছ লিবাৰেচন আৰ্মিৰ বায়ুসেনা আৰু নৌ সেনাই টাইৱান প্ৰণালীত বাহৰ পতাক লৈ অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে।

উল্লেখ্য যে চীনে টাইৱানক দেশখনৰ এক অংগ হিচাপে দাবী কৰি আহিছে যদিও টাইৱানে নিজকে স্বশাসিত দ্বীপৰাষ্ট্ৰ বুলি দাবী কৰি আহিছে। সময়ে সময়ে চীনে টাইৱানৰ আকাশ মাৰ্গতো অনুপ্ৰৱেশ কৰি দেশখনক আক্ৰমণৰ ভাবুকি দি আহিছে।

Exit mobile version