Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত

# প্রাঞ্জলসেন ডেকা

publisher by publisher
May 29, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত
35
SHARES
351
VIEWS
ShareShareShareShare

Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত

ADVERTISEMENT

# প্রাঞ্জলসেন ডেকা

RelatedPosts

No Content Available

ভাৰতত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সংঘাত দীৰ্ঘদিনীয়া। সততে অভিযোগ | উত্থাপিত হয় যে কেন্দ্ৰীয় চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰেৰে ৰাজ্যসমূহৰ ওপৰত অবাঞ্ছিত হস্তক্ষেপ কৰি আহিছে। সম্প্রতি এনে সংঘাতে অধিক গুৰৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷

ভাৰতৰ দৰে যুক্তৰাষ্ট্ৰীয় গাঁথনিত উভয় পক্ষৰ মাজত কিছু মতভেদ থকাটো অস্বাভাৱিক নহয়; কিন্ত ই অধিক জটিল ৰূপে ধাৰণ কৰিলে সেইয়া নিশ্চিত ভাৱে দেশৰ বাবে ইতিবাচক নহয়।

এই শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত নিটি আয়োগৰ অষ্টম বাৰ্ষিক বৈঠকত ১০ গৰাকী বিজেপি বিৰোধী দলৰ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী অনুপস্থিত থকাটোৱে কেন্দ্র-ৰাজ্যৰ সংঘাতৰ বর্ধিত সংঘাতকে প্রতিফলিত কৰিছে। স্বয়ং প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠক ১০ গৰাকী মুখ্যমন্ত্ৰীয়ে বৰ্জন কৰি কেন্দ্ৰৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভৰ বহিপ্রকাশ ঘটাইছে।

শেহতীয়া সময়ছোৱাত কেন্দ্ৰৰ শাসক দল বিজেপি বিৰোধী দলসমূহৰ শাসনাধীন চৰকাৰসমূহে বিভিন্ন বিষয়ক লৈ নিজৰ নি গভীৰ অসন্তুষ্টি ব্যক্ত কৰি আহিছে। বহু সময়ত আনকি ই মুকলি সংঘাতৰ ৰূপ পাইছে। তাবেই ফলশ্ৰুতিত নিটি আয়োগৰ কাৰ্যবাহী পৰিষদৰ এই গুৰুত্বপূৰ্ণ বৈঠক বৰ্জনৰ দৰে অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হ’ল।

প্রধানমন্ত্রী মোদীয়ে সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলক টীম ইণ্ডিয়া ৰূপে কাম কৰিবলৈ আহ্বান জনায় যদিও উক্ত বৈঠকেই তেনে আহ্বান অন্তঃসাৰশূন্যতা স্পষ্ট কৰি তোলে। এই বৈঠকত অংশগ্রহণক অর্থহীন আখ্যা দি ইয়াক বৰ্জন কৰা মুখ্যমন্ত্ৰীসকল হৈছে ক্রমে বিহাৰৰ নীতিশ কুমাৰ, দিল্লীৰ অৰবিন্দ কেজৰিৱাল, কৰ্ণাটকৰ ছিদ্দাৰামায়া, কেৰালাৰ পিনাৰায়ী বিজয়ন, ওড়িছাৰ নবীন পাটনায়ক, পঞ্জাবৰ ভগৱন্ত সিং মান, ৰাজস্থানৰ অশোক গেহলট, তামিলনাডুৰ এম কে ষ্টেলিন, তেলেংগানাৰ কে চন্দ্রশেখৰ ৰাও আৰু পশ্চিমবংগৰ মমতা বেনাৰ্জী।

তদুপৰি মণিপুৰৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিজো ৰাজ্যখনৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বৈঠকত উপস্থিত নাথাকিল। লক্ষ্যণীয়ভাবে কংগ্ৰেছৰ একাধিক মুখ্যমন্ত্রীয়ে এই বৈঠক বর্জন কৰিলেও চত্তিশগড় আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্রীয়ে ইয়াত অংশগ্রহণ কৰে।

২০৪৭ৰ বিকশিত ভাৰত নিশ্চিত কৰাৰ লক্ষ্যৰে সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলক ঐক্যবদ্ধভাবে কাম কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে বৈঠকত আহ্বান জনায়। তেওঁ লগতে জলবায়ু পৰিৱর্তন, আর্টিফিচিয়েল ইন্টেলিজেন্সৰ বিকাশৰ লগে লগে আর্থ-সামাজিক ক্ষেত্ৰত সৃষ্টি হ’ব পৰা প্ৰত্যাহ্বান আৰু আঞ্চলিক বৈষম্য আদি বিকশিত ভাৰতাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বাধা হ’ব পাৰে বুলি সতৰ্ক কৰি দিয়ে।

তাৰ স’তে মোকাবিলাৰ বাবে আর্থিক বিচক্ষণতাৰে কাম কৰিবলৈ ৰাজ্যসমূহক তেওঁ আহান জনায়। ভবিষ্যৎ প্রজন্ম আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যাতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আর্থিক নীতি গ্ৰহণৰ পোষকতা কৰে মোদীয়ে।

উল্লেখ্য যে বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ ক্ষমতাধিষ্ঠিত হোৱাৰ পাছত পৰিকল্পনা আয়োগ ভংগ কৰি দি তাৰ ঠাইত ২০১৫ৰ পহিলা জানুৱাৰীত নিটি আয়োগ গঠন কৰা হৈছিল। শক্তিশালী ৰাজ্যই শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ নীতিত বিশ্বাস আৰোপ কৰি নিটি আয়োগে ভাৰত চৰকাৰৰ হৈ ৰাজ্যসমূহক ‘টাম ইণ্ডিয়া ৰূপে একত্ৰিত কৰিবলৈ আৰু ৰাষ্ট্ৰীয়া উন্নয়নৰ কৰ্মসূচী ৰূপায়ণৰ দিশত মূল মঞ্চৰূপে কাৰ্যনিৰ্বাহ কৰাৰ কথা।

এই আয়োগ কেন্দ্রীয় চৰকাৰৰ বিভিন্ন নীতি ৰচনাৰ সৰ্বোচ্চ সংস্থা আৰু সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰমুখ্যে কেন্দ্রীয় মন্ত্রী আদি ইয়াৰ কাৰ্যবাহী পৰিষদৰ সদস্য। সম্প্রতি এই পৰিষদৰ সদস্যৰূপে আছে ২৯ গৰাকী মুখ্যমন্ত্রী ।

লক্ষ্যণীয় যে এই প্ৰথমবাৰলৈ নিটি আয়োগৰ কাৰ্যবাহী পৰিষদৰ বৈঠকত এক তৃতীয়াংশতকৈ অধিক ৰাজ্যৰ মুখ্যমন্ত্রী উপস্থিত নাথাকিল। ইয়াৰে অধিকাংশ ৰাজ্যই বিভিন্ন দিশৰ পৰা গুৰুত্বপূৰ্ণ আৰু ই দেশৰ সমগ্ৰ মুঠ বাজ্যিক ঘৰুৱা উৎপাদন (ডিএছডিপি)ৰ অর্ধেকৰ গৰাকী মুখ্যমন্ত্ৰীসকলে অনুপস্থিতিৰ সম্পৰ্কত বিভিন্ন কাৰণ প্ৰদৰ্শন কৰিছে।

অধিকাংশ মুখ্যমন্ত্রীয়েই যে কেন্দ্ৰৰ বিৰুদ্ধে ক্ষোভ-অসন্তুষ্টি প্রকাশ কৰি বৈঠকত অংশগ্ৰহণৰ পৰা বিৰত আছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন। চণ্ডিগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যসমূহৰ অধিকাৰৰ সুৰক্ষাক লৈ সৰৱ হৈ পৰে।

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ অধিকাৰসমূহক সম্মান প্ৰদৰ্শন কৰাৰ লগতে নিজৰ অংশৰ প্ৰাপ্য ৰাজাহ আদায়ৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাটো সকলো চৰকাৰৰ কাম্য। আনহাতে, নিটি আয়োগৰ বৈঠক বৰ্জনৰ কথা প্ৰকাশ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে প্রধানমন্ত্রী মোদীলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা বিষয়সমূহ অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰো মনৰ কথা বুলি চৰ্চিত হৈছে।

শেহতীয়াভাৱে দিল্লীত আমোলাতন্ত্ৰৰ ওপৰত কৰ্তৃত্বক কেন্দ্র কৰি কেজৰিৱাল চৰকাৰ আৰু কেন্দ্ৰৰ দ্বাৰা নিয়োজিত উপ-ৰাজ্যপালৰ মাজত ক্ষমতাৰ টনা-আঁজোৰা অব্যাহত আছে। উচ্চতম ন্যায়ালয়ে আমোলাসকলক নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ কর্তৃত্ব দিল্লী চৰকাৰৰ বুলি ৰায়দান কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে এখন অধ্যাদেশ জাৰি কৰি এই ক্ষমতা পুনৰ হস্তগত কৰে।

তাকে লৈ ক্ষুন্ন মুখ্যমন্ত্রী কেজৰিৱালে বিজেপি বিৰোধী দলসমূহৰ পৰা এই অধ্যাদেশ সংসদত গৃহীত কৰাত বাধাদানৰ বাবে সমর্থন বিচাৰি পশ্চিমবংগৰ পৰা তেলেংগানালৈ ভ্ৰমণ কৰিছে। সংশ্লিষ্ট ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ পৰা এই ক্ষেত্ৰত তেওঁ সমর্থনো আদায় কৰিবলৈ সক্ষম হৈছে ।

এই কথাৰ উল্লেখ নিষ্প্রয়োজন যে দিল্লীত ক্ষমতা দখলৰ পাছৰে পৰা কেজৰিৱাল চৰকাৰক প্ৰতিটো পদক্ষেপতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বাধাদান কৰি আহিছে। অভূতপূৰ্ব জনসমর্থনকে নিৰ্বাচিত চৰকাৰ এখনক উপ-ৰাজ্যপালৰ জৰিয়তে কেন্দ্রই পদে পদে এনেদৰে লাঞ্ছিত কৰাটো নজিৰবিহীন।

ফলস্বৰূপে দিল্লী চৰকাৰ আৰু কেন্দ্ৰৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰে। এনে পৰিপ্ৰেক্ষিতত নিটি আয়োগৰ বৈঠকত উপস্থিত থকাৰ কোনো অর্থ নাই বুলি কেজৰিৱালে মন্তব্য কৰে। প্রধানমন্ত্ৰীলৈ লিখা পত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশৰ সংবিধান আৰু গণতান্ত্রিক প্ৰমূল্যসমূহ যিদৰে দেখাদেখকৈ উলংঘা কৰা হৈছে আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰৰ ধাৰণাক কৌতুকলৈ ৰূপান্তৰিত কৰা হৈছে, তাৰ পাছত আৰু এই বৈঠকত উপস্থিত থকাৰ অর্থ কি।

উচ্চতম ন্যায়ালয়ে প্রদান কৰা ৰায়ৰ মাত্ৰ আঠদিন পাছতে কেন্দ্রই অধ্যাদেশ জাৰি কৰি সেই ৰায়ক ওলোটাই পেলোৱা কার্যক তেওঁ তীব্ৰ গৰিহণা দিয়ে। যদিহে দিল্লী চৰকাৰৰ এজন বিষয়াই কাম নকৰে আৰু তেওঁৰ বিৰুদ্ধে ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰে কোনো ব্যৱস্থা গ্রহ কৰিব নোৱাৰে, তেন্তে চৰকাৰ এখন বিদৰে চলিব পাৰে বুলি কেজৰিৱালে প্রধানমন্ত্রীক প্রশ্ন কৰে।

এয়াই ভাৰতৰ ছবি নেকি আৰু এয়াই সহযোগিতামূলক যুক্তৰাষ্ট্র নেকি বুলিও তেওঁ প্ৰশ্ন কৰে। কেন্দ্ৰৰ এনে কাৰ্যই দেশজুৰি ক্ষোভৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি দিল্লীৰ মুখ্যমন্ত্ৰীয়ে বিষয়টো জনগণৰ ওচৰলৈ লৈ যাব বুলিও মন্তব্য কৰে। তেনেদৰেই মুখ্যমন্ত্রী মানেও কেন্দ্ৰৰ দ্বাৰা পঞ্জাব উপেক্ষিত হৈ থকাৰ অভিযোগ কৰি কেৱল ফটো ছেছন কৰিবলৈ দিল্লীৰ বৈঠকত উপস্থিত থকাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে।

কেবল দিল্লী অথবা পঞ্জাৱৰ আম আদমী পার্টিৰ চৰকাৰেই নহয়, সকলোবোৰ অবিজেপি চৰকাৰেই কেন্দ্রর ভূমিকাত ক্ষুণ্ণ। পশ্চিমবংগৰ মমতা বেনাৰ্জীয়ে দাবী কৰিছে যে তেওঁৰ চৰকাৰৰ ওপৰত প্ৰতিদিনেই এনেদৰে চাপ সৃষ্টি কৰা হৈছে যে কেন্দ্ৰৰ স’তে সম্পর্ক স্বাভাবিক হোৱাটো সুদূৰ পৰাহত।

তেনেদৰেই বিহাৰ, তামিলনাডু, কেৰালা, চত্তিছগড়, তেলেংগানা আদিত অস্থিৰতা সৃষ্টিৰ কোনো সুযোগেই এৰি দিয়া হোৱা নাই। আনকি কেইমাহমান আগলৈ মহাবিকাশ আঘাড়ী চৰকাৰৰ শাসনকালত মহাৰাষ্ট্ৰতো একেই পৰিৱেশৰ সৃষ্টি কৰা হৈছিল। পাছত যেনিবা অবৈধভাৱে সেই চৰকাৰ ভংগ কৰিহে উশাস লোৱা হ’ল।

এই সমগ্র চল-চক্রান্ত যে কেন্দ্ৰৰ পৰাই পৰিচালিত হৈ আহিছে সেইয়া দুগ্ধপোষ্য শিশুৰো অজ্ঞাত নহয়। এনেবোৰ কার্যকলাপে যে কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ অধিক অৱনতিহে ঘটাইছে তাৰ উল্লেখ নিষ্প্রয়োজন। সাংবিধানিকভাৱে ভাৰতক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মাজত এক ‘যৌথ উদ্যোগ ৰূপে গঠন কৰা হৈছে।

সংবিধানৰ ৰূপকাৰ ড° বি আৰ আম্বেদকাৰে কৈ গৈছে যে ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰীয় আৰ্হিৰ যি সংঘত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহক লৈ গঠিত হৈছে। সেয়েহে ভাৰতীয় সংবিধানৰ প্ৰথম অনুচ্ছেদতে উল্লেখ কৰা হৈছে যে ভাৰত ৰাজ্যসমূহৰ সংঘ।

সংবিধানে কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্ক তথা বিত্তীয় সম্পৰ্কৰ বিষয়ে পৃথকভাবে উল্লেখ কৰিছে। এই ক্ষমতাসমূহ কেন্দ্র আৰু ৰাজ্যৰ মাজত কার্যবাহী, বিধায়িনী আৰু বিত্তীয় দিশত বিভাজিত কৰা হৈছে। উভয়ৰ মাজত সঞ্চলন বজাই ৰখাৰ স্বার্থতে এনে পদক্ষেপ গ্রহণ কৰা হৈছে। ফলস্বৰূপে সংবিধানৰ বিভিন্ন দফাই কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্ক নিয়ন্ত্রণত বিভিন্ন পৰ্যায়ত সহায় কৰি আহিছে।

সপ্তম অনুচ্ছেদত কেন্দ্ৰ, ৰাজ্য আৰু উমৈহতীয়া তালিকা অন্তর্ভুক্ত কৰা হৈছে, যি অনুসৰি উভয় চৰকাৰে সংশ্লিষ্ট বিষয়সমূহত আইন প্রণয়নৰ অধিকাৰ লাভ কৰিছে। ২৪৫ৰ পৰা ২৫৫ অনুচ্ছেদলৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত বিশেষকৈ সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ মাজৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰা হৈছে।

যদিও ভাৰত যুক্তৰাষ্ট্র, ইয়াৰ একক বৈশিষ্ট্য আছে আৰু সেয়েহে ২৫৬ নম্বৰ অনুচ্ছেদত কোৱা হৈছে যে ৰাজ্য চৰকাৰসমূহে সংসদে গৃহীত কৰা আইনসমূহ মানি চলাটো নিশ্চিত কৰিব লাগিব। আনহাতে, ২৬৪ৰ পৰা ২৯৩ অনুচ্ছেদত উল্লেখ কৰা হৈছে যে ৰাজহ আদায়ৰ ক্ষেত্ৰত ক্ষমতাৰ বিভাজন মানি চলিব লাগিব আৰু ৰাজ্যসমূহক ধন আবণ্টন দিয়াটো কেন্দ্ৰৰ দায়িত্ব। সন্দেহ নাই যে জনসাধাৰণৰ দাবী পূৰ্ণ তথা দেশৰ ঐক্য আৰু সুৰক্ষাৰ বাবে যুক্তরাষ্ট্রীয় গাঁথনি শক্তিশালী কৰাটো প্রয়োজনীয়।

এনে পৰিপ্ৰেক্ষিতত স্বাভাবিকতে প্রশ্ন উত্থাপিত হয় যে সংবিধানে সকলোবোৰ বিষয় স্পষ্ট কৰি দিয়াৰ পাছতো কেন্দ্র আৰু ৰাজ্যসমূহৰ মাজত সংঘাত দিনে দিনে বুদ্ধিহে পাইছে কিয়?ইয়াৰ মূল কাৰণ হৈছে, ৰাজনৈতিক ক্ষমতা দখলক উদ্দেশ্যে কৰা ক্ষমতাৰ অপব্যৱহাৰ। কেইদশকমানৰ আগলৈকে ৰাজ্য চৰকাৰসমূহক পর্যুদস্ত কৰাৰ প্ৰধান আহিলা আছিল ধাৰা ৩৫৬।

কেন্দ্ৰীয় চৰকাৰৰ স’তে সম্মিলমিললৈ নাহিলে অথবা স্বার্থ বিঘ্নিত হ’লেই ৰাষ্ট্ৰপতি শাসন জাৰি কৰি বিৰোধী দলৰ চৰকাৰ ওফৰাই পেলোৱা হৈছিল, কিন্তু পৰৱৰ্তী সময়ছোৱাত দেশবাসীৰ মাজত সৃষ্টি হোৱা সজাগতা তথা কেন্দ্রত চৰকাৰ গঠনৰ বাবে বিভিন্ন আঞ্চলিক দলৰ সমর্থনৰ প্ৰয়োজন হোৱাৰ ফলস্বৰূপে ৩৫৬ ধাৰাৰ প্ৰয়োগ সীমিত হৈ পৰে।

অৱশ্যে মোদী চৰকাৰ কেন্দ্ৰৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা এই ক্ষেত্ৰত নতুন কৌশলৰ প্ৰয়োগ আৰম্ভ হয়। যিসমূহ ৰাজ্যত বিজেপি অথবা ইয়াৰ মিত্ৰজোঁটে ক্ষমতা দখল কৰিবলৈ সক্ষম হোৱা নাই, সেইবোৰত চিবিআই, ইডি আদিৰ দৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা জালত পেলোৱাৰ ভাবুকি প্ৰদান কৰি অথবা ধন আৰু মন্ত্রিত্বৰ প্রলোভনেৰে আন দলৰ বিধায়ক জয় কৰি চৰকাৰ গঠনৰ পৰম্পৰা আৰম্ভ হয়।

আনকি একেই কৌশলেৰে একাধিক নির্বাচিত চৰকাৰ ওফৰাই পেলোৱা হৈছে আৰু আন একাধিক চৰকাৰৰ ক্ষেত্ৰত একে প্রচেষ্টা অব্যাহত ৰখা হৈছে। ইয়াৰ দ্বাৰা এহাতে কেন্দ্রই বহুকথিত দুর্নীতি বিৰোধী চৰিত্ৰৰ মুখা নিজেই খুলি দিছে আৰু আনহাতে বিৰোধী দলসমূহক সম্রস্ত কৰি ৰাখিছে।

ফলস্বৰূপে বিজেপি বিৰোধী ৰাজ্য চৰকাৰসমূহে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈকে অধিক সময় ব্যয় কৰিবলৈ বাধ্য হৈছে। এনে শত্রুভাবাপন্ন পৰিস্থিতিত টীম ইণ্ডিয়া’ৰ ধাৰণা যে কেবল এক হাস্যকৰ শ্ল’গানতে আবদ্ধ হৈ ৰ’ব তাত সন্দেহৰ কোনো অবকাশ নাই।

লক্ষ্যণীয়ভাবে প্রতিখন ৰাজ্যৰ বিধানসভা নির্বাচনতে বিজেপিয়ে ‘ডবল ইঞ্জিন’ চৰকাৰৰ পোষকতা কৰি প্ৰচাৰ চলাই আহিছে। ইয়াৰ জৰিয়তে বিৰোধী দলসমূহৰ অস্তিত্বকে নাইকিয়া কৰাৰ চেষ্টা চলোৱা হৈছে। এই ‘ডবল ইঞ্জিন’ৰ শ্ল’গানে প্রধানমন্ত্রী মোদীৰ টীম ইণ্ডিয়া’ৰ ধাৰণাকে পেংলাই কৰা নাই নে।

নির্বাচনী প্ৰচাৰত স্বয়ং মোদী প্ৰমুখ্যে বিজেপিয়ে ঘোষণা কৰি আহিছে যে কেন্দ্ৰৰ দৰে ৰাজ্যতো যদি এই দলৰ চৰকাৰ নহয়, তেন্তে সেই ৰাজ্যই বিকাশৰ দিশত আগবাঢ়িব নোৱাৰিব। বিজেপিয়ে দেখদেখকৈ নস্যাৎ কৰাৰ পাছত বিৰোধী দলসমূহেই বা টীম ইণ্ডিয়া’ৰ ধাৰণা কেনেকৈ গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি।

গতিকে নিজৰ ৰাজনৈতিক স্বার্থসিদ্ধিৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহেই যে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘাত বৃদ্ধি কৰিছে, সেয়া দেখ দেখকৈ ওলাই পৰিছে। আনহাতে, “ডবল ইঞ্জিন’ চৰকাৰে বিগত ১০ বছৰত বিশেষ উন্নয়ন কৰিবলৈ সক্ষম হোৱাৰো কোনো পৰীক্ষিত প্রমাণ নাই, বৰঞ্চ কর্ণাটককে ধৰি কেবাখনো ৰাজ্যত ইয়াन ওলোটাটোহে হোৱা বুলি ওলাই পৰিছে।

সংবিধানত কোৱা হৈছে যে যি দল অথবা যি ৰঙৰ চৰকাৰ নহওক কিয়, কেন্দ্রীয় চৰকাৰে ৰাজনৈতিক বাছ-বিচাৰ কৰি কোনো ৰাজ্য চৰকাৰৰ প্রতি বৈষম্য কৰিব নোৱাৰিব; কিন্তু ‘ডবল ইঞ্জিন’ উপমাটোৱে সংবিধানৰ সেই মূল বিষয়টোকে উলংঘা কৰিছে।

ইয়াৰ উপৰি ৰাজহ বিতৰণক কেন্দ্ৰ কৰিও ৰাজ্যসমূহৰ মাজত সততে গভীৰ অসন্তুষ্টিৰ বহি:প্রকাশ ঘটা পৰিলক্ষিত হয়। আনকি জিএছটিৰ ক্ষেত্ৰতে এনে ঘটনা প্রায় পোহৰলৈ আছে। কেন্দ্ৰ-ৰাজ্যৰ ক্ষমতা বিতৰণৰ ক্ষেত্ৰত সংবিধানৰ দফাসমূহক যথোচিত গুৰুত্ব নিদিলে যে দীর্ঘদিন চলি অহা সংঘাত গভীৰ হৈ পৰিব তাত সন্দেহ নাই ।

সংবিধান নির্মাতাসকলে প্রতিৰক্ষা তথা অন্যান্য দিশৰ পৰা এখন শক্তিশালী কেন্দ্রীয় চৰকাৰৰ পোষকতা কৰিছিল আৰু তাৰ লগে লগে ৰাজ্যসমূহকো পর্যাপ্ত অধিকাৰ প্ৰদান কৰিছিল। বিজ্ঞানো ৰাজ্যসমূহ শক্তিশালী হ’লেহে কেন্দ্র শক্তিশালী হ’ব বুলি তেওঁলোক নিশ্চিত আছিল।

ফোন : ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Centre And StatesGrowing Conflict
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d