Dhubri Acs Officeer Arrested: ধুবুৰীত চি এম ভিজিলেঞ্চৰ জালত দুই ঘোচখোৰ বিষয়া

কেলকুলেটৰ মেন হিচাপে কুখ্যাতি অৰ্জন কৰা চি ই অ' বিশ্বজিৎ গোস্বামী সহ আন এজন আটক কৰি গুৱাহাটীত উপস্থিত চিম ভিজিলেঞ্চৰ দল

dhubri 2

Dhubri Acs Officer Arrested:

পুনৰ হাত দাঙিলে এচিএছ বিষয়া তথা ধুবুৰী জিলা পৰিষদৰ চিইঅ বিশ্বজিৎ গোস্বামী আৰু সহকাৰী জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰে৷ ৩০ হেজাৰ টকা কমিছন লোৱাৰ সময়তে হাতে লোটে আটক কৰে চি এম ভিজিলেঞ্চৰ দলে ।

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এছ পি সিংহৰাম মিলিৰ নেতৃত্বত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই অৰ্তকিতে চলাইছিল মাৰাথন অভিযান ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ‍ গোস্বামীৰ কাৰ্যালয় আৰু চৰকাৰী বাসগৃহতো অভিযান চলোৱাৰ সমান্তৰালভাৱে বিশ্বজিৎ‍ গোস্বামীৰ বঙাইগাঁৱৰ বাসগৃহ সংগ্রাম নিলয়ৰ বি ১ ফ্লেটতো দুৰ্নীতি নিবাৰক শাখাই তালাচী চলাই জাপে জাপে উদ্ধাৰ কৰে কে’বাকোটি নগদ ধন। ফ্লেটৰ পৰা জব্দ কৰে নগদ ২.৫ কোটি টকা। আনহাতে গোস্বামীৰ চৰকাৰী বাসগৃহৰ পৰা উদ্ধাৰ কৰে নগদ দুই লাখ টকা ৷

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ পাঁচজনীয়া দলে শুকুৰবাৰে আবেলি পাঁচ বজাৰ পৰা আজি পুৱতি নিশা পাঁচ বজালৈ প্ৰায় ১২ ঘণ্টা ধৰি ধৃত চিইঅ গোস্বামী আৰু সহকাৰী জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক মাৰাথন জেৰা চলায় ভিজিলেঞ্চে।

উল্লেখ্য যে, ঘোচখোৰ দুই বিষয়াই ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত দায়িত্ব লোৱাৰ পাছৰে পৰা কমিচনৰ এখন বজাৰ গঢ়ি তোলাৰ অভিযোগ উদ্থাপিত হৈ আহিছিল ৷ ঘোচ নিদিলে কোনো কামেই সম্পন্ন নকৰিছিল ধুৰন্ধৰ বিষয়াদ্বয়ে ৷ অভিযোগ অনুসৰি বিগত দুটা বছৰে জিলা পৰিষদৰ কাৰ্যালয়ত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰি নামে বেনামে অগাধ সম্পত্তিৰ গৰাকী হোৱাৰ লগতে কাৰ্যালয়টোত বিভিন্ন কাম -কাজৰ বাবদ ঠিকাদাৰৰ পৰা আগধন লৈ মুখ্য কাৰ্যবাহী বিষয়া তথা এচিএছ বিষয়া বিশ্বজিৎ গোস্বামীয়ে আঁচনি আবণ্টন কৰিছিল।

দীৰ্ঘদিন ধৰি লুণ্ঠন চলোৱাৰ অভিযোগত ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ লগতে সহকাৰী জিলা প্ৰকল্প সমন্নয়ক মৃণাল কান্তি সৰকাৰক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে।

মনকৰিবলগীয়া যে,ধুবুৰী জিলাৰ ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য জাকিৰ হুছেইনৰ পৰা উন্নয়নমূলক কামৰ ধন মোকলাই দিয়াৰ নামত ন শতাংশ কমিচন দাবী কৰিছিল মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী ।

সেই অনুসৰি গোস্বামীৰ নিৰ্দেশত জাকিৰ হুছেইনৰ পৰা সহকাৰী জিলা প্ৰকল্প সমন্নয়ক মৃণাল কান্তি সৰকাৰে ৩০ হাজাৰ টকা লওতেই পূৰ্বৰে পৰা খাপ পিটি থকা চি এম ভিজিলেঞ্চৰ দলে হাতে লোটে আটক কৰে ৷
উল্লেখ্য যে,বিষয়াদ্বয়ে ঘোচ বিচৰা সন্দৰ্ভত ধুবুৰী জিলাৰ ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য জাকিৰ হুছেইনে গুৱাহাটীস্হ চিএম ভিজিলেঞ্চৰ অভিযোগ দাখিল কৰিছিল।

ইপিনে আজি পুৱতি নিশা প্ৰায় পাঁচ বজাত ধুবুৰীৰ পৰা ঘোচখোৰ বিষয়াদ্বয়ক অধিক জেৰাৰ বাবে ভিজিলেঞ্চৰ দলটো গুৱাহাটীত উপস্থিত হয় ৷ আজি দুয়োকে আদালতত হাজিৰ কৰি পুনৰ জিন্মাত লোৱাৰ সম্ভাৱনা আছে ৷

Exit mobile version