GST:অসমত ১২ গুণলৈ বৃদ্ধি জিএছটি সংগ্রহ

পূর্বে ৫৫৮ কোটি বিক্ৰী কৰ সংগৃহীত ৰাজ্যত এতিয়া বার্ষিক জিএছটিৰ পৰিমাণ ৭,০৯৭ কোটি

nimala

Gst:

সংসদত ২০১৬ত জিএছটি বিধেয়ক গৃহীত হোৱাৰ চাৰিদিনৰ পাছতে অসমে জিএছটি আইন গৃহীত কৰা প্ৰথমখন ৰাজ্য আছিল। জিএছটি সংগ্ৰহৰ ক্ষেত্ৰত অসমে চমকপ্রদ বিকাশ প্ৰদৰ্শন কৰিছে ।

পূৰ্বৰ তুলনাত অসমত জিএছটি সংগ্ৰহৰ পৰিমাণ ১২ গুণ পর্যন্ত বৃদ্ধি পাইছে। জিএছটিৰ ক্ষেত্ৰত অসমে প্রদর্শন কৰা সফলতাক প্ৰশংসা কৰি গুৱাহাটীত এনেদৰে মন্তব্য কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে। বিশেষ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদকৰ বাবে নির্বাচিত পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডৰ বিষয়া-কৰ্মচাৰীসকলক প্ৰশংসাৰ প্ৰমাণপত্ৰ আৰু পদক প্রদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে কয় যে জিএছটিয়ে কেবল ৰাজহ সংগ্ৰহতে নহয়, বন্ধ ৰাজ্য আৰু কেন্দ্ৰৰ মাজত নিৰ্ধাৰিতভাৱে কৰৰ লাভ্যাংশ বিতৰণতো ইতিবাচক প্রভাৱ পেলাইছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অসমত জিএছটি প্রযোজ্য হোৱাৰ পূৰ্বে ৰাজ্যখনে এবছৰত বিক্ৰীকৰ সংগ্ৰহ কৰিছিল ৫৫৮.২৬ কোটি টিকা; কিন্তু এতিয়া অসমত জিএছটি সংগ্ৰহ হৈছে বছৰি ৭,০৯৭ কোটি টকা পৰ্যন্ত। কৰ সংগ্ৰহৰ ক্ষেত্ৰত অসমৰ এই সফলতা প্ৰশংসাৰ পাত্ৰ বুলি মন্তব্য কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে ছিকিম আৰু মেঘালয়েও জিএছটি সংগ্ৰহৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে।

ছিকিমত পূর্বে ২৬৩.৫ কোটি টকা বিক্ৰীকৰ সংগ্ৰহ হৈছিল যদিও এতিয়া বছৰি ৩,০৩৬ কোটি টকা জিএছটি সংগ্রহ হয়। একেদৰে মেঘালয়ত পূৰ্বে ৫৮৭.২১ কোটি টকা বিক্ৰী কৰ সংগ্ৰহৰ বিপৰীতে জিএছটিৰ পৰিমাণ সম্প্রতি বাঢ়িছে ২,০৭৮ কোটি টকালৈ।

তেওঁ কয় যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে জিএছটি ৰাজহ সংগ্ৰহৰ বিকাশৰ হাৰ ২৭.৫ শতাংশলৈ বৃদ্ধি পাইছে। ইফালে, উপভোক্তা আৰু গন্তব্যস্থলৰ কৰৰ ভিত্তিত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে জিএছটিৰ বাবে এক বৃহৎ উৎসৰূপে চিহ্নিত হৈছে ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী সীতাৰমণৰ মতে, জিএছটি ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত দেশৰ সৰ্বসাধাৰণ জনতাই বিশেষভাৱে লাভান্বিত হৈছে। গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত হোৱা সভাখনত অংশ লোৱা কেন্দ্রীয় বিত্ত মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত শুষ্ক বিভাগৰ ভূমিকাও গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি কয় যে চাৰিখনকৈ চুবুৰীয়া দেশৰ স’তে প্রায় পাঁচ হেজাৰ কিলোমিটাৰৰ অধিক আন্তঃৰাষ্ট্ৰীয় সীমান্ত সংলগ্ন উত্তৰ-পূৰ্বাঞ্চলত ২৫ টা স্থল শুল্ক কেন্দ্ৰ আছে আৰু ১৫ টা কেন্দ্র ইতিমধ্যে তথ্য সংগ্রহ ব্যৱস্থাৰে সুসজ্জিত কৰা হৈছে।

বাকী থকা ১০ টা কেন্দ্রতো চলিত বৰ্ষ ডিচেম্বৰৰ ভিতৰত বৈদ্যুতিন ব্যৱস্থাৰে সংলগ্ন কৰা হ’ব বুলি তেওঁ সদৰী কৰে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগছ আৰু বিদেশী চিগাৰেটৰ চোৰাং সৰবৰাহ অব্যাহত থকাৰ প্ৰসংগত উদ্বেগ প্ৰকাশ কৰি এই কাৰ্য ৰোধ কৰিবলৈ চিবিআইচিয়ে কৰিবলগীয়া আৰু বহু আছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে দুদিনীয়া ভ্রমণসূচীৰে উত্তৰ-পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে অসমত পূর্ব নির্ধাৰিত এই কাৰ্যসূচীত অংশ লোৱাৰ পাছত আজি ত্ৰিপুৰাত এলানি চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা।

Exit mobile version