Nagaon Rifles Seized:নগাঁৱত ৰাইফলসহ আটক দুই যুৱক

nagaon rifles seized

Nagaon Rifles Seized:

নগাঁও চহৰৰ উপকন্ঠ কেন্দুগুৰিত হয়বৰগাঁও নগৰ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই এটা ৰাইফল সহ দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

উল্লেখ্য যে,কেন্দুগুৰিৰ এজন লোকৰ ঘৰত অবৈধভাবে এটা ৰাইফল লুকুৱাই ৰখাৰ সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে ৷ পাছত ঘৰটোত হয়বৰগাঁও নগৰ আৰক্ষীয়ে তালাচী চলাই এটা থ্ৰি নট থ্ৰি ৰাইফল সহ বাচেৰ আলম আৰু জেহিৰুল ইছলাম নামৰ যুৱক দুজনক আটক কৰে ৷

ঘটনাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে আটকাধীন যুৱকদ্বয়ক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Exit mobile version