Cm Meet Road Transport Minister:ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নক লৈ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰীৰে মুখ্যমন্ত্ৰীৰ বৈঠক

cm hbs

Cm Meet Road Transport Minister:

ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নক লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত বাহৰ পাতি সোমবাৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় পথ আৰু পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক

জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ ৰাজ্যৰ আন্তঃগাঁথনি প্ৰকল্পৰ বাবে কেন্দ্ৰৰ সহযোগ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে ৷

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰে আলোচনা কালত প্ৰস্তুাৱিত গহপুৰ-নুমলীগড় নদী সুৰংগ পথ নিৰ্মাণৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে কাজিৰঙাৰ উৰণীয়া সেতু আৰু গ্ৰেটাৰ গুৱাহাটীত ৰিং ৰোড সম্পৰ্কতো খৰচি মাৰি আলোচনা কৰে ৷

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী গাডকাৰীয়ে মূল আন্তঃগাঁথনিমুলক প্ৰকল্প ৰূপায়ণত পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীক ৷

Exit mobile version