Dgp Gp Sing Comments:যদি আলফা বিদেশ এৰি অসমলৈ আহে,মই অসম এৰি দিম :ডি জি পি জি পি সিং

gp sing

Dgp Gp Sing Comments:

:দেওবাৰে আলফা(স্বা) য়ে ডিজিপি জি পি সিঙক ভুৱা এনকাউন্টাৰ বন্ধ কৰিবলৈ সকীয়নি দিয়াৰ এটা দিনৰ পাছতে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সিঙে ৷

আলফা(স্বা)ক প্ৰত্যুত্তৰ দি জি পি সিঙে কয়, আলফা (স্বা) য়ে অসমৰ উন্নতিৰ বাবে আৰু যদিহে বিদেশ এৰি অসমলৈ আহে তেন্তে তেওঁ পিছদিনাই অসম এৰিবলৈ সাজু ।

লগতে কয় যে এনে ভাবুকি তেওঁ চাকৰি জীৱনৰ পোন্ধৰটা বছৰত বহুত পাইছে অসমৰ ৰাইজ মোৰ লগত আছে মই ভয় নকৰো ৷

উল্লেখ্য যে,আৰক্ষী সঞ্চালক প্ৰধান গৰাকী বিশেষ কাৰ্যসূচী লৈ শিলচৰত উপস্থিত হৈ আলফা স্বাধীন সম্পৰ্কত উল্লিখিত মন্তব্য প্ৰকাশ কৰে ৷

Exit mobile version