Gossaigaon Hospital :বিটিচিৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ

গোসাইগাওঁৰ এখন আজৱ চিকিৎসালয়, এদিনো চিকিৎসক - নাৰ্চক দেখা নাপালে ৰাইজে, বিধস্ত ৰূপ চিকিৎসালয়খনৰ

btc

Gossaigaon Hospital :

গোসাঁইগাঁও মহকুমাৰ বৃহত্তৰ গঙিয়া ৰাইজক চিকিৎসা সেৱা প্ৰদান কৰিবলৈ মইনাগুৰি বজাৰৰ কাষত ২০১৩ চনতে মুকলি কৰিছিল গঙিয়া প্ৰাথমিক চিকিৎসালয়।

উক্ত চিকিৎসালয়ৰ লগতে চিকিৎসক-নাৰ্চৰ থকাৰ বাবে আবাস গৃহও মুকলি কৰে। মুকলি কৰাৰ পিছতো চিকিৎসালয় খনত দিয়া নহল চিকিৎসক – নাৰ্চ। যাৰ ফলত বহু দিন উক্ত চিকিৎসালয়ত ভাৰতীয় সেনা, চি আৰ পি এফ, এছ এছ বিয়ে শিবিৰ পাতি থাকিলে।

কিন্তু শিবিৰ যোৱাৰ পিছত ব্যৱহাৰৰ অভাৱত চিকিৎসালয়খন সম্পূৰ্ণ ৰূপে ভাঙি ছিঙি বিধস্ত হৈ পৰে। কিন্তু খবৰ নাই বিটিচি চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগতে স্বাস্থ্য বিভাগৰ দায়িত্বত থকা ই এম অৰূপ কুমাৰ দেৰ।

চিকিৎসালয়খন নথকাত ৰাইজে চিকিৎসাৰ পৰা বঞ্চিত হৈ আহিছে বুলি সদৰি কৰে গাওঁবাসীয়ে । গঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো অতিশীঘ্ৰে মুকলি কৰিবলৈ ৰাইজে বিটিচি চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছে।

Exit mobile version