Nagaon Junior Asst Arrested:উৎকোচ লৈ আৰক্ষীৰ জালত নগাঁও স্বাস্থ্য বিভাগৰ কৰ্মচাৰী

nagaon

Nagaon Junior Asst Arrested:

ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া-কৰ্মচাৰী উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পাছতো শিকনি হোৱা নাই ঘোচ খোৰ বিষয়া- কৰ্মচাৰী৷

এইবাৰ উৎকোচ লৈ আৰক্ষীৰ জালত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ৷ নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত সোমবাৰে দুৰ্নীতি নিবাৰক শাখাই অৰ্তকিতে চলোৱা এক অভিযানত উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে আটক কৰে নৱজ্যোতি ভূঞা নামৰ কনিষ্ঠ সহায়ক এজনক ৷

ধুৰন্ধৰ কৰ্মচাৰীজনে এগৰাকী ফিজিঅ’থেৰাপিষ্টৰ পৰা লৈছিল ২০ হাজাৰ টকা৷ ইতিপূৰ্বে সমস্ত বিষয়টো ফিজিঅ’থেৰাপিষ্ট গৰাকীয়ে অৱগত কৰিছিল দুৰ্নীতি নিবাৰক শাখাক ৷ যাৰবাবে সোমবাৰে নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত
অভিযান চলাই দুৰ্নীতি নিবাৰক বিভাগে ৷

ইতিমধ্যে অধিক জেৰাৰ বাবে ধৃত কনিষ্ঠবৰ্গৰ সহায়ক জনক দুৰ্নীতি নিবাৰকৰ গুৱাহাটীস্থ কাৰ্যালয়লৈ আনিব ৷

Exit mobile version