Deadbody Recovered :মহানগৰীৰ ভাস্কৰ নগৰত উদ্ধাৰএগৰাকী ছাত্ৰীৰ মৃতদেহ

fatashil

Deadbody Recovered :

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ গুৱাহাটী স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি অপৰাধীয়ে চলাই গৈছে ইটোৰ পাছত সিটোকৈ অপৰাধী কাণ্ড।

বুধবাৰে মহানগৰীৰ ভাস্কৰ নগৰত উদ্ধাৰ হয় ছাত্ৰীৰ মৃতদেহ ৷ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতে এক চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হয় ভাস্কৰ নগৰত ৷

প্ৰাপ্ত খবৰ অনুসৰি ভাস্কৰ নগৰৰ ত্ৰিবেণী পথৰ নিজ বাসগৃহৰ কাষৰে এঘৰ লোকৰ শৌচাগাৰৰ পিছফালে উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ মৃতদেহ ৷ এইয়া হত্যা নে আত্মহত্যা ইয়াকে লৈ তীব্ৰ উংকন্ঠা বিৰাজ কৰিছে ৷

মৃত ছাত্ৰী গৰাকীৰ নাম অদিতি পোদ্দাৰ ৷ তেওঁ ফটাশিল আমবাৰীৰ শিশু নিকেতনত অধ্যয়ন কৰিছিল ৷

ইতিমধ্যে ঘটনাস্থলীত ফটাশিল আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত

Exit mobile version