Dibrugarh Airport:
বৃহস্পতিবাৰে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱতৰণ কৰিব নোৱাৰি দুখনকৈ যাত্ৰীবাহী বিমান মাজ আকাশত পঞ্চাশ মিনিট ধৰি নিবিঘ্নে উৰি থাকিল ৷
বিমান দুখন হ’ল ইণ্ডিগ’ৰ ২৬৫২নম্বৰৰ গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখি বিমান আৰু দিল্লী-ডিব্ৰুগড় অভিমুখি ২০৩১ নম্বৰৰ বিমান ৷
প্ৰাপ্ত খবৰ অনুসৰি ইনষ্ট্ৰুমেণ্টেল লেণ্ডিং চিষ্টেম বন্ধ কৰি ৰখাৰ লগতে বতৰ বেয়া বাবে বিমান দুখন লেণ্ডিং কৰাত যথেষ্ট অসুবিধাৰ সন্মুখিন হয়। যাৰবাবে বিমান দুখনৰ ১৮০ যাত্ৰী বিমানখনতে আবদ্ধ হৈ থাকিবলগীয়া হয় ৷
অৱশ্যে পৰৱৰ্তী সময়ত দিল্লী-ডিব্ৰুগড় অভিমুখি চিক্স ই ২০৩১ নম্বৰৰ বিমান খন কন্টল ৰূমৰ নিৰ্দেশ অনুসৰি অৱতৰণৰ বাবে আগৰতলা বিমানকোঠলৈ
পৰিৱৰ্তিত কৰা হয়৷ আন খন চিক্স ই ২৬৫২নম্বৰৰ গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখি বিমান খন পাছত নিৰাপদে মোহনবাৰী বিমানকোঠতে অৱতৰণ কৰিবলৈ সক্ষম হয় ৷
মনকৰিবলগীয়া যে,উজনি অসম তথা দাঁতি কাষৰীয়া চুবুৰীয়া ৰাজ্য কেইখনৰ বাবে অতি গুৰুত্বপূৰ্ণ বিমানকোঠ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানকোঠ ৷
কিন্ত শেহতীয়াকৈ বিমানকোঠৰ ৰানৱে ইনষ্ট্ৰুমেণ্টেল লেণ্ডিং চিষ্টেম সঠিকভাৱে তাৎক্ষণিকভাৱে উপলব্ধ নোহোৱাৰ বাবে যোৱা কেইবামাহ দিন ধৰি বিমান অৱতৰণ কৰাত যথেষ্ট অসুবিধা সৃষ্টি হৈ আহিছে ৷
সচেতন মহলে শীৰ্ঘেই বিমান কোঠটোৰ সকলো ব্যৱস্থা কাৰ্যক্ষম কৰি তুলিবলৈ বিমানকোঠ প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় জাহাজ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালক দাবী জনায় ৷