Lack Of Clean Drinking Water;চৰকাৰী আচঁনিয়ে আজিও ঢুকি নোপোৱা এখন গাওঁ

গাওঁখনত নাই বিদ্যালয়, নাই চৰকাৰী আৱাস, নাই বিশুদ্ধ খোৱাপানীৰ যোগান, নাই আনকি ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৰেচন কাৰ্ড

water

Lack Of Clean Drinking Water:

চৰকাৰী আচঁনিয়ে আজিও ঢুকি নোপোৱা এখন গাওঁ । পশ্চিম কাৰ্বি আংলঙৰ প্লীম-প্লাম গাওঁ নামেৰে পৰিচিত এই গাওঁখন । গাওঁখনত নাই বিদ্যালয়, নাই প্ৰধানমন্ত্ৰী আৱাস গৃহ, নাই বিশুদ্ধ খোৱাপানীৰ যোগান, নাই সুচল পথ, নাই আনকি ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৰেচন কাৰ্ডও।

৫০ তকৈ অধিক পৰিয়াল বসবাস কৰা গাওঁখনৰ পৰা ১০-১২ কিলোমিটাৰ দূৰত্বত থকা বিদ্যালয়লৈ যাব লাগে কণ কণ শিক্ষাৰ্থীয়ে। বিশুদ্ধ খোৱাপানীৰ অভাৱত অস্বাস্থ্যকৰ পৰিৱেশত থকা নাদৰ পানী সেৱন, খাল-পুখুৰী, বৰষুণৰ পানী ব্যৱহাৰ কৰিব লাগে গাওঁবাসীয়ে।

এজাক বৰষুণৰ পাছতে পথাৰ সদৃশ বোকাময় পথেৰে কৰিব লাগে যাতায়ত। আনকি দৰিদ্ৰ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালৰ লোক হৈয়ো ৰেচন কাৰ্ড, জবকাৰ্ড আদিৰ পৰাও বঞ্চিত হৈ আছে এওঁলোক। প্ৰধানমন্ত্ৰী আৱাস গৃহ লাভ কৰাটো দুৰৰে কথা চৰকাৰী শৌচালয় এটাও লাভ কৰিবলৈ সক্ষম হোৱা নাই গাওঁখনৰ গাওঁবাসীয়ে।

এক কথাত কবলৈ সৰ্বতে, সৰ্ব দিশতে পিছপৰি ৰৈছে অঞ্চলতো। উন্নয়নৰ এক বিপৰীত মেৰুত অৱস্থান কৰি ৰৈছে প্লীম-প্লাম গাঁৱৰ গাওঁবাসী। কিন্তু ইমানৰ পাছতো জনপ্ৰতিনিধি পৱন কুমাৰ কিম্বা স্থানীয় বিধায়ক ৰূপছিং টেৰণে ৰাইজৰ খৱৰ লবলৈ আহৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰে গঞা ৰাইজে।

আনকি একাংশই জনপ্ৰতিনিধি আৰু বিধায়কৰ চেহেৰাও দেখা নাই বা চিনিও নাপায় বুলি মন্তব্য কৰি নিজৰ দুখ ব্যক্ত কৰে। কিন্তু প্ৰশ্ন হ’ল উন্নয়ন আৰু বিকাশৰ শ্লোগান দিয়া বিজেপি চৰকাৰে কেতিয়া কৰিব উন্নয়ন অঞ্চলটোত আৰু কেতিয়া কৰিব সমস্যাৰ সমাধান প্লীম-প্লামবাসী ৰাইজৰ?

Exit mobile version