Parliament Monson Session:মণিপুৰৰ ঘটনাক আজিও অব্যাহত অচলাৱস্থা

মোডী-মোডী, ইণ্ডিয়া-ইণ্ডিয়া'' শ্ল'গানেৰে উত্তাল সদন , দুই বজালৈ স্থগিত সদনৰ কাম কাজ

black dress

Parliament Monson Session:

মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিক লৈ আজিও অব্যাহত অচলাৱস্থা৷ শাসক – বিৰোধী দুয়োপক্ষই সদন উত্তাল কৰি তোলে। যাৰবাবে দুই বজালৈ স্থগিত কৰিবলগীয়া হয় সদনৰ কাম -কাজ।

২০ জুলাইৰ পৰা আৰম্ভ হোৱা বৰ্ষাকালীন অধিবেশনৰ যোৱা পাঁচোটা মণিপুৰৰ জঘণ্য ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ বিবৃত্তি দাবী কৰি আহিছে বিৰোধীয়ে ৷ ইয়াৰ বিপৰীতে শাসকীয় পক্ষই এই বিবৃতি প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে গৃহমন্ত্ৰীয়ে দিয়াৰ কথা কৈ অহাৰ ফলত দুয়ো সদনৰ কামকাজ একপ্ৰকাৰ অচল লৈ আছে ছয়োটা দিন ৷

আনকি বুধবাৰে কংগ্ৰেছে লোকসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে অধ্যক্ষ ওম প্ৰকাশ বিৰলাক ৷ অধ্যক্ষই প্ৰস্তাৱটো গ্ৰহণ কৰি দিনাংকৰ দিন জনাব বুলি আশ্বাস দিয়ে কংগ্ৰেছী দলপতিক ৷

আনহাতে বৃহস্পতিবাৰে বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চ ইণ্ডিয়াৰ বেনাৰত সাংসদ সকলে ক’লা পোছাক পিন্ধি সদনত উপস্থিত হয় । উল্লেখ্য যে,ইয়াৰ পূৰ্বে কংগ্ৰেছৰ চিপ হুইপে কংগ্ৰেছৰ সকলো সাংসদকে সদনত উপস্থিত থকাৰ বাবে
হুইপ জাৰি কৰিছিল ৷ সদনত বিৰোধী দলৰ সাংসদ সকলে মণিপুৰ ঘটনাক লৈ পুনৰ প্ৰধানমন্ত্ৰীৰ বিবৃতি দাবী কৰি সদন উত্তাল কৰি তোলে ৷

আনহাতে আজি পুৱা ৰাজ্যসভাত সদনৰ কামকাজ আৰম্ভ হোৱাৰ সময়ত বৈদেশিক নীতি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে নিজৰ বক্তব্য উপস্থাপন কৰি থকাৰ সময়তে কংগ্ৰেছ সহ বিৰোধী বিধায়কসকলে প্ৰধানমন্ত্ৰী মোদী সদনলৈ আহক শীৰ্ষক শ্ল’গান দিবলৈ ধৰে ৷

ইয়াৰ লগে লগে বিজেপি সহ এন ডি এ সাংসদ সকলো উভতি ধৰি মোদী ,মোদী শ্ল’গান দিবলৈ ধৰে ৷ পুনৰ বিৰোধী সাংসদ সকলে ইণ্ডিয়া,ইণ্ডিয়া শ্ল’গান দিয়াত সদনত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় । যাৰবাবে ৰাজ্যসভাৰ সভাপতিয়ে সদন দুই বজালৈ স্থগিত কৰে ৷

আনহাতে সদনলৈ বিৰোধী সাংসদে ক’লা পোচাক পৰিধান কৰি প্ৰৱেশ কৰা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পীযূষ গোৱেলে বিৰোধীক কটাক্ষ কৰি কয়,‘বিৰোধীৰ অতীত-বৰ্তমান আৰু ভৱিষ্যৎ সকলো ক’লা । আজিকালি তেওঁলোকক দেখি ক’লা কাউৰীও আকৰ্ষিত হয়। দেশৰ বৰ্ধিত শক্তিক বুজি পোৱা নাই ক’লা কাপোৰ পিন্ধাসকলে। তেওঁলোকৰ মন ক’লা, সেইবাবেই দেখিছেও ক’লা।’

এইদৰেই দুই সদনত মণিপুৰ কেন্দ্ৰীক বিষয় লৈ শাসক- বিৰোধীৰ যুযুধান স্থিতিয়ে সদনত উদ্থাপিত হ’বলগীয়া বহুবোৰ ৰাজহুৱা বিষয় তল পৰাক লৈ সৰৱ চৰ্চা চলিছে দেশৰ সৰ্বত্ৰে ৷

Exit mobile version