Nagaon Fire:নগাঁৱৰ শিক্ষানুষ্ঠানত অগ্নিকাণ্ড,বহু সামগ্ৰী ভস্মীভূত

nagaon fire

Nagaon Fire:

নগাঁও চহৰৰ মাজমজিয়াৰ আমোলাপট্টিস্থ এখন শিক্ষানুষ্ঠানত অগ্নিকাণ্ড। মেট্ৰিক্স জুনিয়ৰ কলেজত সংঘটিত হয় এই অগ্নিকাণ্ড।

উল্লেখ্য যে ,মহৰম উপলক্ষে আজি বন্ধ আছিল শিক্ষানুষ্ঠানখন । ফলস্বৰূপে অগ্নিকাণ্ডত শিক্ষানুষ্ঠানখনৰ বহু সামগ্ৰী ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ পাছত স্থানীয় আবাসীৰ তৎপৰতাত শিক্ষানুষ্ঠান খন ভস্মীভূত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে ৷

অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰে জানিব পৰা মতে,স্মাৰ্ট মিটাৰত শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হয় ৷

Exit mobile version