Once Again deluge in the Guwahati :
মহানগৰীত পুনৰ জলবিস্ফোৰণ ৷ এইবাৰ জু-ৰোড তিনিআলিত ফুটিল জাইকাৰ পানীৰ পাইপ ৷
পাইপ ফুটি অহৰহ নিৰ্গত হৈছে পানী । জলমগ্ন হৈ পৰিছে সমগ্ৰ অঞ্চলটো। এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ বহুলোকৰ বাসগৃহত একাঠু পৰ্যন্ত পানী হৈছে ৷
ইতিমধ্যে ঘটনাস্থলীত নিৰ্গত হৈ থকা পানীৰ পাইপ মেৰামতিৰ বাবে সংশ্লিষ্ট বিভাগৰ লোক উপস্থিত হৈছে ৷
উল্লেখ্য যে,জাইকাৰ পানীৰ পাইপ মহানগৰীৰ য’তে ত’তে ফুটি জলবিস্ফোৰণ হোৱাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷
ইয়াৰ পূৰ্বে খাৰঘুলিৰ জয়পুৰ ,গীতানগৰ আৰু মালিগাঁও চাৰিআলিৰ পানীৰ পাইপ লিক হৈ জলবিস্ফোৰিত হৈছিল ৷ খাৰঘূলীত হোৱা জলবিস্ফোৰণত বহু বাসগৃহ তছনচ হোৱাৰ লজতে এগৰাকী বৃদ্ধা মৃত্যু হৈছিল ৷ তাৰ পাছতো যেন শিকনি হোৱা নাই জাইকাৰ ৷
মহানগৰীত এতিয়া মৰণফান্দত পৰিণত হৈছে জাইকাৰ পানী সৰবৰাহ কৰা পাইপ সমূহ ৷
মহানগৰীত ইটোৰ পাছত সিটোকৈ জাইকা পানীৰ পাইপ ফুটিয়েই আছে যদিও সময়োচিত পদক্ষেপ লোৱা নাই সংশ্লিষ্ট বিভাগে ৷