Two Cadres of NSCN-IM Group Shot Dead In Manipur:মণিপুৰত দুই উগ্ৰপন্থী সংগঠনৰ মাজত সংঘাত তীব্ৰতৰ !

ননেত শুই থকা অৱস্থাতে এন এছ চিএন আই এম গোটৰ দুই কেডাৰক গুলীয়াই হত্যা

firing in manipur

Two Cadres of NSCN-IM Group Shot Dead In Manipur:

চুবুৰীয়া ৰাজ্য মণিপুৰৰ কে’বামাহ ধৰি অব্যাহত থকা অগ্নিগৰ্ভা পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই ৷দিনক দিনে পৰিস্থিতি অতি বেয়াৰ দিশে ঢাল খোৱাৰ মাজতে ৰাজ্য খনত শেহতীয়াকৈ ভুতৰ ওপৰত দানহ পৰাৰ দৰে দুই বিদ্ৰোহী সংগঠন এন এছ চিএন আই এম আৰু জেলিয়ানগ্রং ইউনাইটেড ফ্ৰণ্টৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে ৷

ADVERTISEMENT

এনে ঘটনাক্ৰমৰ মাজতে শুকুৰবাৰে নিশা প্ৰায় ১.৪৫ বজাত এন এছ চিএন আই এমৰ দুই কেডাৰক গুলীয়াই হত্যা কৰে জেলিয়ানগ্রং ইউনাইটেড ফ্ৰণ্টৰ কেডাৰে ।

ৰাজ্য খনৰ ননে জিলাখনৰ ৰেংপাঙত এটা ঘৰত শুই থকা অৱস্থাতে কেডাৰ দুজনক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে এন এছ চিএন আই এমে ৷

ইতিমধ্যে এই ঘটনাৰ পাছতে শনিবাৰে পুৱাই ননে জিলাৰ খংছাং থানাৰ এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ মৃত এন এছ চি এন-আই এমৰ কেডাৰৰ মৃতদেহ কেইটা জিন্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ননে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

Exit mobile version